Barpeta Theft Incident: আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখতে চোৰে চলালে চাফাই অভিযান

By

Published : Aug 20, 2023, 10:50 PM IST

thumbnail

বৰপেটা, 21 আগষ্ট : এইবাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখতে চোৰে চলালে চাফাই অভিযান ৷ এই ঘটনা সংঘটিত হৈছে বৰপেটাত ৷ বৰপেটাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ একেবাৰে সন্মুখৰ মুনীন্দ্ৰ নাথ তালুকদাৰ নামৰ ব্যৱসায়ী জনৰ গেলামালৰ দোকানত শনিবাৰে নিশা চুৰি কাণ্ড সংঘটিত হয় ৷  

চোৰে দোকানৰ পিছফালৰ দুৱাৰ ভাঙি দোকানৰ ভিতৰত সোমাই কেছ বক্সৰ পৰা প্ৰায় 15 হাজাৰ টকা লৈ যায় ৷ ব্যৱসায়ীগৰাৰীয়ে জনোৱামতে দেওবাৰে দিনৰ ভাগত দোকান বন্ধ আছিল ৷ কিন্তু সন্ধিয়া দোকান খোলাত চুৰি হোৱাৰ কথা অৱগত হয় ৷ লগে লগে বৰপেটা আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰে ব্যৱসায়ীগৰাকীয়ে ৷ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সম্মুখতে হোৱা এই চুৰিৰ ঘটনাক লৈ বৰপেটাত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক : Drugs smuggling in Assam: মিকিৰভেটাৰ শিলপুখুৰীত ড্ৰাগছসহ গ্ৰেপ্তাৰ তিনি সৰবৰাহকাৰী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.