Tezpur Medical College: তেজপুৰ মেডিকেল কলেজত চোৰ সোমাল

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 10:49 PM IST

thumbnail

তেজপুৰ, 11 অক্টোবৰ : তেজপুৰ মেডিকেল কলেজত চোৰৰ উপদ্ৰৱ ৷ বুধবাৰে তেজপুৰ মেডিকেল কলেজত ঔষধ লৈ থকাৰ সময়তে এগৰাকী মহিলাৰ পৰা মোবাইল লৈ উধাও হ’ল চোৰ ৷ আনহাতে সমগ্ৰ চুৰিকাণ্ডৰ দৃশ্য বন্দী হ’ল চি চি টিভিত ৷ 

জানিব পৰা মতে, গহপুৰ বৰঙাবাৰীৰ এগৰাকী মহিলাৰ পৰা চোৰে চুৰি কৰি নিলে মোবাইল । ঔষধ ক্ৰয় কৰি থকা সময়তে মাস্ক পৰিহিত এগৰাকী মহিলাই প্ৰথমে ভিৰৰ মাজত প্ৰৱেশ কৰে ৷ তাৰ পাচতে ঔষধ ক্ৰয় কৰি থকা মহিলা গৰাকীৰ পৰা মোবাইল ফোন কাঢ়ি লৈ যায় ৷ এই সমগ্ৰ দৃশ্য বন্দী হৈছে চি চি টিভিত ৷

এই ঘটনাৰ পাচতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷ আনহাতে ৰাইজৰ অভিযোগ অনুসৰি আৰক্ষীৰ নিষ্ক্ৰিয় ভূমিকাৰ বাবে তেজপুৰত দিনক দিনে বৃদ্ধি পাইছে চিলনী চোৰৰ সন্ত্ৰাস ৷

লগতে পঢ়ক:Padma Hazarika Criticizes Congress : জাতীয়তাবাদী শিবিৰৰ নেতাই কংগ্ৰেছত যোগদান কৰাটো কোনো নতুন কথা নহয়: পদ্ম হাজৰিকা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.