Rangia Police: ৰঙিয়াত ছাত্ৰীৰ প্ৰচেষ্টাত চিলনী চোৰক আটক

By

Published : Aug 12, 2023, 2:19 PM IST

thumbnail

ৰঙিয়া,12 আগষ্ট: ৰঙিয়াৰ ডিমুত দিন দুপৰতে চিলনী চোৰ সন্ত্ৰাস । ৰাইজৰ সহযোগত কেইগৰাকীমান ছাত্ৰীয়ে কৰায়ত্ব কৰিলে চিলনী চোৰ ৷ ধৃত চোৰটোৰ নাম  পিংকু দাস বুলি জানিব পৰা গৈছে ৷ ঘটনা অনুসৰি বুধবাৰে ডিমু-খৌৰামুৰী পথত ছয় গৰাকী ছাত্ৰীয়ে টিউচনৰ পৰা চাইকেলৰে ঘৰলৈ গৈ থকা সময়ত তিনিজনীয়া চিলনীৰ চোৰৰ দলে ই-ৰিক্সাৰে আগুচি ধৰে । তাৰ পিচতে ছাত্ৰী কেইগৰাকীৰ হাতত থকা বেগ কেইটা টনা আঁজোৰা কৰে চোৰৰ দলটোৱে ৷ লগে লগে ছাত্ৰী কেইগৰাকীয়ে চিঞৰ বাখৰ কৰে ৷ ফলত স্থানীয় লোক উপস্থিত হয় ঘটনাস্থলীত । লগে লগে বেগ এৰি, ই-ৰিক্সা লৈ পলায়ন কৰে তিনি চিলনী চোৰ ।

এই ঘটনাৰ দুদিন পিচত শুকুৰবাৰে এজন চিলনী চোৰক ভুক্তভোগী ছাত্ৰী কেইগৰাকীয়ে প্ৰত্যক্ষ কৰে ডিমু চকত ‌। তাৰ পিচতে ছাত্ৰী কেইগৰাকীয়ে ৰাইজৰ সহযোগত কৰায়ত্ব কৰে চিলনী চোৰটোক । চিলনী চোৰৰ স্বীকাৰোক্তি অনুসৰি বেগ টনা আঁজোৰাত ৰিন্টু আৰু কংকন নামৰ দুজন চোৰো জড়িত আছে । পৰৱৰ্তী সময়ত ৰাইজে চোৰটোক ডিমু ডোবক আৰক্ষীক গতাই দিয়ে ৷

লগতে পঢ়ক:150 year old tree fell in Rangia: ৰঙিয়াত ডেৰশ বছৰীয়া গছ উভালি ব্য়াহত বিদ্যুৎ যোগান

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.