150 year old tree fell in Rangia: ৰঙিয়াত ডেৰশ বছৰীয়া গছ উভালি ব্য়াহত বিদ্যুৎ যোগান

By

Published : Aug 4, 2023, 3:04 PM IST

thumbnail

ৰঙিয়া, ৪ আগষ্ট : ৰঙিয়া নগৰৰ মিলনপুৰত অঘটন । ৰঙিয়া গোৰেশ্বৰ পথৰ ওপৰত উভালি পৰিল ডেৰশ বছৰীয়া পুৰণি আহত গছ । বৃহস্পতিবাৰে মাজনিশা গছডাল উভালি পৰাৰ ফলত বিদ্যুৎ বিভাগৰ কেইবাটাও খুঁটা ভাগি পৰাত বন্ধ হৈ পৰিছে বিদ্যুৎ যোগান । কথমপি প্ৰাণ ৰক্ষা পৰে পথটোৰে যাতায়ত কৰা বহু যাত্ৰীৰ ।  

গছডাল উভালি পৰাৰ ফলত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে ৰঙিয়া গোৰেশ্বৰ পথ । বৰ্তমানলৈকে ঘটনাস্থলীত উপস্থিত হোৱা নাই বন আৰু লোক নিৰ্মাণ বিভাগৰ কোনো লোক । উল্লেখ্য় যে এমাহ পূৰ্বেই এই বিপদৰ আশংকা প্ৰকাশ কৰি বিদ্যুৎ বিভাগ, বন বিভাগ আৰু লোক নিৰ্মাণ বিভাগক ৰাইজে অৱগত কৰিছিল । কিন্তু এই বিভাগকেইটাই বিষয়টো এৰাই চলা বাবেই এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱা বুলি ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে ।

লগতে পঢ়ক:Ride from Karimganj to Ayodhya: ৰিক্সা চলাই কৰিমগঞ্জৰ পৰা অযোধ্যালৈ যাত্ৰা অসীম নমঃশূদ্ৰৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.