Theft Incident: ভাঙিব নোৱাৰি লক্ষাধিক টকাভৰ্তি লকাৰকে লৈ গ’ল চোৰে

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 3:42 PM IST

thumbnail

বঙাইগাঁও, ১০ নৱেম্বৰ : বৃহস্পতিবাৰে নিশা উত্তৰ বঙাইগাঁৱত চোৰৰ চাফাই অভিযান ৷ ব্লু ডাৰ্ট নামৰ কুৰিয়াৰ ছাৰ্ভিচৰ কাৰ্যালয়ত পুৱতি নিশা ২ টা চোৰে 2 লক্ষাধিক টকাভৰ্তি লকাৰ লৈ উধাও হয় ৷ ঘটনাৰ বিৱৰণী অনুসৰি, চোৰ দুটাই পিচফালৰ গ্ৰীল ভাঙি ভিতৰত প্ৰৱেশ কৰি ধনভৰ্তি লকাৰটো খুলিব নোৱাৰি লোৰ লকাৰটোকে চুৰি কৰি লৈ যায়। এই সমগ্ৰ চুৰি ঘটনা বন্দী হয় চি চি টি ভি কেমেৰাত।

পুৱা কাৰ্যালয়লৈ আহি লকাৰটো নেদেখি কৰ্মচাৰীসকলে হুৱাদুৱা লগায় ৷ তাৰ পিচতে লগে লগে তেওঁলোকে উত্তৰ বঙাইগাঁও পহৰা আৰক্ষীৰ কাষ চাপে ৷ ইতিমধ্যে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। লক্ষণীয় যে, উত্তৰ বঙাইগাঁও পহৰা আৰক্ষীৰ ওচৰৰ তথা সদৰ চহৰৰ মাজমজিয়াত এনে ঘটনা সংঘটিত হোৱাক লৈ ৰাইজৰ মাজত এক চাঞ্চল্যকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক: Mega projects : অৰ্ধশতাধিক বৃহৎ প্ৰকল্পৰ নিৰ্মাণকাৰ্য অসম্পূৰ্ণ; বৃদ্ধি নিৰ্মাণ ব্যয়

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.