Theft incident: চোৰ কৰিবলৈ গৈ ৰাইজৰ ৰোষত পৰিল চোৰ

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 5:08 PM IST

thumbnail

ৰঙিয়া, 13 ছেপ্টেম্বৰ : ৰঙিয়া নগৰৰ ৰে’ল ষ্টেচনৰ সমীপৰ 1 নং ৱাৰ্ডত এটা চোৰক ৰাইজে ধৰি বান্ধি উত্তম মধ্যম সোধাই । ধৃত চোৰটো নলবাৰী জিলাৰ মুকালমুৱাৰ মইদুল ইছলাম বুলি জানিব পৰা গৈছে ৷

ঘটনাৰ বিৱৰণী অনুসৰি মঙলবাৰে মাজনিশা ৰঙিয়া নগৰৰ 1 নং নিবাসী তথা জেনেৰেল ৰিজার্ভ ইঞ্জিনিয়াৰ ফোৰ্চৰ জোৱান কালামুদ্দিনৰ ঘৰত এটা চোৰে প্ৰৱেশ কৰে । প্ৰথমে চোৰটোৱে লোহাৰ চাবুলেৰে ঘৰটোৰ মুখ্য দুৱাৰখন খুলি ভিতৰত প্ৰৱেশ কৰে । প্ৰৱেশ কৰিয়ে এফালৰ পৰা তন্ন তন্নকৈ মূল্যবান সামগ্ৰী বিচাৰে । কিন্তু চোৰটোৱে আলমাৰিৰ তলা খুলিব নোৱাৰাত এটা মনিটৰ, মোবাইলৰ ছাৰ্জাৰ, বেগ, বহী, অলপ কাপোৰ লৈ পলায়নৰ চেষ্টা কৰে । 

কিন্তু সেই মুহুৰ্ততে ঘৰৰ গৰাকীয়ে গম পাই চোৰটোক কৰায়ত্ত কৰিবলৈ চেষ্টা কৰে । লগে লগে চোৰটোৱে চুৰি সামগ্ৰীসহ লৈ এটা মেটেকাৰে ভৰা পুখুৰীত জাঁপ দিয়ে । তাৰ পিচতে চোৰটোক চাৰিওফালৰ পৰা ঘেৰি ধৰে স্থানীয় লোকে । কিন্তু বহুসময়লৈকে চোৰটোৱে পুখুৰীটোৰ পৰা উঠি অহা নাছিল ৷ 

অৱশেষত পুৱা কেইজনমান যুৱকে চোৰটোক পানীৰ পৰা উঠাই লৈ আহে । তাৰ পিচতে লোকসকলে চোৰটোক বান্ধি থয় । এই ঘটনাৰ পিচতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় । পিচত স্থানীয় লোকে চোৰটোক আৰক্ষীক চমজাই দিয়ে ।

লগতে পঢ়ক: Bribery case: তিনি হাজাৰ টকা উৎকোচ লৈ হাত দাঙিলে কৃষি বিষয়াই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.