Theft incident: নামঘৰত চোৰৰ চাফাই অভিযান

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 11:01 PM IST

thumbnail

গুৱাহাটী, ২২ ছেপ্টেম্বৰ: ৰাজ্যৰ বিভিন্ন প্ৰান্তত ক্ৰমাৎ বৃদ্ধি হৈছে চুৰি ঘটনা ৷ এইবাৰ পুনৰ গুৱাহাটী মহানগৰীত স্মাৰ্ট আৰক্ষীক চোৰৰ চেলেঞ্জ । শুকুৰবাৰে নাৰেংগীৰ কেন্দুগুৰি নামঘৰত চোৰে চাফাই অভিযান চলায় । চোৰৰ এটা দলে নামঘৰৰ তলা ভাঙি প্ৰৱেশ কৰি সামগ্ৰী লণ্ড-ভণ্ড কৰে। ইয়াৰোপৰি চোৰৰ দলটোৱে দান পাত্ৰ ভাঙি মাননীৰ ধন, থাপনাত থকা কাঁহ পিতলৰ তাল, বাচন-বৰ্তন আদি লুট কৰি নিয়ে।

আজি পুৱাৰ ভাগত নামঘৰৰ ভকতজনে নামঘৰলৈ আহি চুৰি কাৰ্য ধৰা পেলাই নুনমাটি আৰক্ষীক খবৰ দিয়ে। তাৰ পিচতে আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ৷ যদিও এতিয়ালৈ চোৰৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই আৰক্ষীয়ে। ইপিনে নামঘৰৰ চুৰি কাৰ্যত নিচাসক্ত যুৱক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে।

লগতে পঢ়ক: 29 cartons drugs seized: ডিব্ৰুগড়ত 29 টা চাবোনৰ বাকচত কেইবা কোটি মূল্যৰ ড্ৰাগছ জব্দ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.