Theft at Panchakanya Temple:মানুহ বাদেই, মহানগৰীত সুৰক্ষিত নহয় ভগৱানো

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 12:29 PM IST

thumbnail

গুৱাহাটী, ১৬ অক্টোবৰ : কি নহয় মহানগৰীখনত ! হত্যা, হিংসা, ধৰ্ষণ, এক্সিডেণ্ট, হত্যাকাণ্ড, চুৰিকাণ্ডৰ পৰা আৰম্ভ কৰি কি নহয় এইখন মহনগৰীত ৷ বৰ্তমান সময়ত অপৰাধজনিত ঘটনা সাংঘাতিক ধৰণে বৃদ্ধি পাবলৈ ধৰিছে ৷ সপোন পূৰাবৰ বাবে মহানগৰীলৈ যোৱা বুলি ক’লেই আজিকালি ভয় ৷ মানৱৰূপী দানৱৰ কু-কৰ্ম বৰ্তমান কৈ শেষ কৰিব নোৱাৰি ৷ চোৰৰ উৎপাত এতিয়া মানুহৰ ঘৰৰ পৰা মন্দিৰ, নামঘৰ প্ৰাংগণ পালেগৈ ৷ ভয় নাইকিয়া হৈ গ’ল সমুলঞ্চে ৷

শেহতীয়াকৈ বশিষ্ঠত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা । চোৰে চুৰি কৰিলে পৌৰাণিক মন্দিৰৰ সা-সামগ্ৰী । বশিষ্ঠৰ পঞ্চকন্যা মন্দিৰত চোৰে চলালে চাফাই অভিযান । একেৰাহে কেইবাদিনো চোৰে মন্দিৰটোত চলাই আছে চুৰিকাৰ্য ‌। দেওবাৰৰ নিশাও চোৰে মন্দিৰৰ দানপাত্ৰ, কেইবাটাও টিলিঙাকে ধৰি পঞ্চকন্যাৰ প্ৰতিমূৰ্তিৰ ওপৰত থকা আ-অলংকাৰ চুৰি কৰি লৈ যায় ।

ইয়াৰ উপৰি মন্দিৰৰ মূল গেটকে ধৰি কেইবাখনো গেটৰ লক ভাঙি চোৰে নিয়ে বহু গুৰুত্বপূৰ্ণ সা-সামগ্ৰী । এই ঘটনাৰ পিচতে বশিষ্ঠ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমান লৈ কোনো তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে ।

লগতে পঢ়ক : Guwahati theft incident: ব্যস্ত এলেকাতো সাৰি নগ’ল ঘৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.