TET pass candidates protest at Sachal: মহানগৰীৰ চচলত টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ উত্তাল প্ৰতিবাদ

By

Published : Nov 17, 2022, 10:56 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

thumbnail

মহানগৰীৰ চচলত টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ উত্তাল প্ৰতিবাদ(TET pass candidates protest) ৷ সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ অধীনত থকা বিশেষ টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলক চৰকাৰে প্ৰতাৰণা কৰি অহাৰ অভিযোগত বৃহস্পতিবাৰে চচলৰ প্ৰতিবাদস্থলীত বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ ৷ প্ৰতিবাদীকাৰীসকলে 2021 বৰ্ষৰ বিশেষ TET ৰ অধীনত ৰাজ্যত থকা ৬৬৭ গৰাকী টেট উত্তীৰ্ণক অন্য টেট শিক্ষকৰ দৰে তেওঁলোককো বিশেষ বিজ্ঞাপনৰ জৰিয়তে নিযুক্তিৰ দিয়াৰ দাবী উত্থাপন কৰে (TET pass candidates demanded recruitment) । চৰকাৰে এমাহৰ ভিতৰত নিযুক্তি নিদিলে আমৰণ অনশনৰো হুংকাৰ দিয়ে প্ৰতিবাদীকাৰীসকলে । ন্যায্য প্ৰাপ্তিৰ দাবী তুলি বিশেষ TET উৰ্ত্তীণসকলে আজি পুৱাৰ ভাগত কাহিলিপাৰা স্থিত সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰাত মহানগৰ আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক বাধা প্ৰদান কৰে । ইয়াকে লৈ আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত কিছু হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয় ।

Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.