মৰিগাঁৱৰ ধৰমতুলত দ-খাৱৈত বাগৰিল যাত্ৰীবাহী ট্ৰেভেলাৰ

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 2:29 PM IST

thumbnail

মৰিগাঁও, 13 ডিচেম্বৰ : বুধবাৰে মৰিগাঁৱৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ ধৰমতুল বিষ্ণু মন্দিৰ সমীপৰ দলঙত এই দুৰ্ঘটনা সংঘটিত হয় ৷ জানিব পৰা মতে, তীব্ৰ বেগী ট্ৰেভেলাৰে মহতিয়াই লৈ যায় চাইকেল আৰোহীক ৷ দুৰ্ঘটনাত নিহত লোকজনৰ নাম ৰাজু দাস বুলি জানিব পৰা গৈছে ৷ দুৰ্ঘটনা সংঘটিত কৰা ট্ৰেভেলাৰখনৰ নম্বৰ হৈছে AS01 RC2526 ৷

ঘটনা অনুসৰি, নগাঁৱৰ দিশৰ পৰা গুৱাহাটী অভিমূখে AS01 RC2526 নম্বৰৰ ট্ৰেভেলাৰখনৰ গৈ আছিল ৷ তেনে সময়তে ধৰমতুল বিষ্ণু মন্দিৰ সমীপৰ দলঙত নিয়ন্ত্ৰণ হেৰুৱাই একে দিশে আহি থকা চাইকেল আৰোহীক মহতিয়াই লৈ যায় ট্ৰেভেলাৰখনে ৷ ফলত থিতাতে নিহত হয় ৰাজু দাস নামৰ চাইকেল আৰোহীজন ৷ ইফালে চাইকেল আৰোহী দাসক খুন্দা মাৰি ট্ৰেভেলাৰখনে পথৰ দাঁতিৰ দ-খাৱৈত বাগৰি পৰে ৷ এই দুৰ্ঘটনাত কেইবাজনো ট্ৰেভেলাৰখন যাত্ৰী আহত হৈছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : মৰিগাঁৱত জ্বলিল কপিল ছিবাল, ইন্দিৰা জয় সিঙৰ প্ৰতিকৃতি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.