চিলাপথাৰৰ ডিমৌ দলঙৰ সমীপত বাইক-চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষ

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 1:21 PM IST

thumbnail

জোনাই,  18 ডিচেম্বৰ : দেওবাৰে সন্ধিয়াৰ ভাগত চিলাপথাৰৰ ডিমৌস্থিত 515 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ দুৰ্ঘটনাত থিতাতে নিহত হয় এজন ৷ দুৰ্ঘটনাত নিহত লোকজন অৰুণাচল প্ৰদেশৰ কুন্টুৰ বস্তিৰ ৰাজু দিনি বুলি জানিব পৰা গৈছে ৷ ঘটনা অনুসৰি, চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত 515 নং ৰাষ্ট্ৰীয় ঘাইপথত থকা ডিমৌ দলঙৰ সমীপত এখন বাইকৰ সৈতে মুখামুখি সংঘৰ্ষ হয় এখন চাৰিচকীয়া বাহনৰ ৷ 

স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি, ব্যক্তিজন ডিমৌ নদীৰ শিল কুৱেৰীত কাম কৰি নিজা গৃহলৈ বাইকেৰে গৈ আছিল ৷ তেনে সময়তে AS-06Q-5265 নম্বৰৰ চাৰিচকীয়া বাহনখনৰ সৈতে মুখামুখি সংঘৰ্ষ হয় ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত চিলাপথাৰ আৰক্ষী উপস্থিত হৈ আহত ৰাজু দিনিক উদ্ধাৰ কৰে ৷

আৰক্ষীয়ে কয়, ‘‘দুৰ্ঘটনাস্থলীত কেৱল বাইক আৰোহীজনক পৰি থকা অৱস্থা উদ্ধাৰ কৰা হৈছিল ৷ চাৰিচকীয়া বাহনখনৰ কোনো লোককে উদ্ধাৰ কৰা হোৱা নাছিল ৷ কিন্তু আহত বাইক আৰোহীজনক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷’’

লগতে পঢ়ক :ধেমাজিত ভূমি অধিগ্ৰহণত অনিয়মৰ অভিযোগ; লোক নিৰ্মাণ বিভাগৰ দুই অভিযন্তা গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.