বাইকৰ খুন্দাত ঢুকাই গ’ল কমল, অ’চিয়ে ক’লে পৰিয়ালৰ লোকে এজাহাৰ নিদিলে ৰুজু নহয় গোচৰ!

By ETV Bharat Assamese Team

Published : Nov 24, 2023, 12:30 PM IST

thumbnail

তিনিচুকীয়া, ২৪ নৱেম্বৰ : পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যুক কেন্দ্ৰ কৰি ডুমডুমাত নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । ডুমডুমাৰ কুমাৰীপট্টিত দ্ৰুতবেগী মটৰ চাইকেলৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা কমল দেও নামৰ লোকজনৰ বৃহস্পতিবাৰে মৃত্যু হয় ।

ষঠ পূজাৰ দিনা ডুমডুমাৰ কুমাৰীপট্টিত দ্ৰুতবেগী মটৰ চাইকেলৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল কমল দেও নামৰ ব্যক্তিজন । গুৰুতৰভাৱে জখমী হোৱা কমল দেওক ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাতে বৃহস্পতিবাৰে পুৱা মৃত্যু হয় লোকজনৰ ।

ইফালে, দ্ৰুতবেগত মটৰ চাইকেল চলাই সন্ত্ৰাসৰ সৃষ্টি কৰা বিবেক শ্বাহ নামৰ ২০ বছৰীয়া যুৱকজন ঘটনা সংঘটিত কৰা দিনাখনৰ পৰা বৰ্তমানলৈকে পলাতক অৱস্থাতে আছে । বৃহস্পতিবাৰে নিশা কমল দেওৰ মৃতদেহ ডুমডুমাত উপস্থিত হোৱাৰ লগে-লগে একাংশ লোকে উত্তপ্ত কৰি তোলে পৰিস্থিতি ।

লগতে পঢ়ক : টাটা ছুম’ৰ খুন্দাত প্ৰাণ গ’ল এগৰাকী মহিলাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.