Tense Situation in Khatkhati: গ্ৰাহকৰ ধন আত্মসাতক লৈ খটখটিত উত্তপ্ত পৰিস্থিতি

By

Published : Jul 26, 2023, 10:38 PM IST

thumbnail

ডিফু, 26 জুলাই : বিগত 12 জুলাই তাৰিখে নিশা কাৰ্বি আংলং জিলাৰ খটখটি গ্ৰামীণ বিকাশ বেংকত স্থানীয় মহিলাই উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰাৰ পিছত বুধবাৰে পুনৰ নিজৰ প্ৰাপ্য ধনৰ দাবীত খটখটি থানা উত্তপ্ত কৰি তোলে শতাধিক মহিলাই ৷ 12 জুলাইৰ নিশা গ্ৰাহকৰ ধন আত্মসাৎ কৰাৰ অভিযোগত খটখটি গ্ৰামীণ বিকাশ বেংকত একপ্ৰকাৰ হূলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি কৰিছিল স্থানীয় মহিলাই ৷ পিংকি দাস মেচ নামৰ এজেন্ট গৰাকীয়ে মহিলাসকলৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰি বেংকৰ ভিতৰতে প্ৰতিবাদ সাব্যস্ত কৰিছিল মহিলাসকলে ৷  

এই বিষয়কলৈ বুধবাৰে পুনৰ খটখটি আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে গ্ৰাহকসকলে ৷ প্ৰাপ্য ধন বিচাৰি শতাধিক মহিলাই বুধবাৰে ঘেৰাও কৰে বোকাজানৰ খটখটী আৰক্ষী থানা ৷ আজি কিছুদিনৰ পূৰ্বে পিংকি দাস নামৰ এজেন্ট এগৰাকী আৰু খটখটি অসম গ্ৰামীণ বেংকৰ কৰ্মচাৰীসকলে খটখটি অঞ্চলৰ বহু কেইটা আত্ম সহায়ক গোটৰ মহিলাসকলৰ পৰা বহু লক্ষাধিক টকা আত্মসাৎ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছিল ৷

এই সন্দৰ্ভত আৰক্ষীয়ে খটখটি থানাত 71/2023 নম্বৰত এক গোচৰ ৰুজু কৰি মাটিপুলৰ প্ৰেম শৰ্মা আৰু খটখটি নথং গাঁৱৰ পিংকি দাসক আটক কৰাৰ পাচত পুনৰ 3 দিনৰ কাৰণে সোধ-পোচৰ বাবে আৰক্ষীৰ জিম্মাত ৰাখিছে ৷ ইফালে আজি ভুক্তভোগী মহিলাসকলে আৰক্ষী থানাত উপস্থিত হৈ হুলস্থুলীয়া পৰিবেশ সৃষ্টি কৰাৰ লগতে প্ৰাপ্য ধন ঘূৰাই দিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনায় ৷

লগতে পঢ়ক : Protest in Kalgachia: কলগাছিয়াত আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত কংগ্ৰেছৰ সমদল

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.