Tense situation in Hailakandi: ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি হাইলাকান্দিত উত্তপ্ত পৰিস্থিতি

By

Published : Aug 1, 2023, 11:01 PM IST

thumbnail

হাইলাকান্দি,১ আগষ্ট: হাইলাকান্দি জিলাৰ মোহনপুৰ চি এইচ চি হাস্পতালত এজন যুৱকৰ মৃত্যুক লৈ তীব্ৰ উত্তেজনা । মঙলবাৰে মোহনপুৰ দ্বিতীয় ব্লকৰ দিন হাজিৰা কৰা ২৪ বছৰীয়া ফয়াজ আলীৰ একমাত্ৰ পুত্ৰ ইস্তাদুৰ ৰহমানৰ মৃত্যুক কেন্দ্ৰ কৰি মোহনপুৰ চিকিৎসালয়ত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।  

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি চিকিৎসা আৰু চিকিৎসকৰ অভাৱত ইস্তাদুৰ ৰহমানৰ মৃত্যু হয় । ইফালে মোহনপুৰ চিকিৎসালয়ত উত্তেজনাৰ খবৰ শুনি হাইলাকান্দিৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত জ্যোতিৰ্ময় দৈমাৰীৰ লগতে বিধায়ক নিজাম উদ্দিন চৌধুৰীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত উপস্থিত হয় । মোহনপুৰ চিকিৎসালয়ত চিকিৎসাৰ অভাৱত ইটোৰ পিছত সিটো ঘটনাৰ অভিযোগ উত্থাপন কৰি ক্ষুব্ধ ৰাইজে চিকিৎসালয় চৌহদ ঘেৰি ধৰা পৰিলক্ষিত হয় ।

লগতে পঢ়ক: Closure of Namrup fertilizer factory:নামৰূপ সাৰ কাৰখানাৰ তিনিখন ইউনিয়নৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.