Protest in Golaghat: ভূমি পট্টা বিচাৰি গোলাঘাটত চাহ শ্ৰমিকৰ প্ৰতিবাদ

By

Published : Jan 19, 2023, 4:29 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

শ্ৰমিকৰ প্ৰতিবাদত উত্তাল হ’ল গোলাঘাট জিলাৰ উপায়ুক্ত কাৰ্যালয় (Tea workers protest in Golaghat) ৷ ভূমি পট্টা বিচাৰি উপায়ুক্ত কাৰ্যালয়ৰ সমুখত প্ৰতিবাদ সাব্যস্ত কৰিলে চাহ বাগিচাৰ শতাধিক শ্ৰমিকে ৷ ভাৰতীয় চাহ মজদুৰ সংঘৰ গোলাঘাট জিলা শাখাৰ উদ্যোগত এক প্ৰতিবাদী সমদল বাহিৰ কৰি শ্ৰমিকসকলে গোলাঘাট চহৰৰ মাজেৰে গৈ উপায়ুক্ত কাৰ্যালয়ৰ সমুখত প্ৰতিবাদ সাব্যস্ত কৰে ৷

চাহ বাগিচাৰ লাইনত বাস কৰি অহা ভূমিহীন শ্ৰমিকসকলক ভূমিপট্টা দিয়াৰ বাবে সজোৰে দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷ মিছন বসুন্ধৰা 2.O ৰ যোগেদি চৰকাৰে ৰাজ্যৰ একাংশ ভূমিহীন পৰিয়ালক ভূমি পট্টা প্ৰদানৰ যি ব্যৱস্থা কৰিছে, তাত চাহ শ্ৰমিকসকলক অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনাইছে ভাৰতীয় চাহ মজদুৰ সংঘই (Tea workers demands land patta) ৷ 

উল্লেখ্য যে, ভূমিজনিত চৰকাৰী কামকাজৰ তৎকালিন সমাধানৰ বাবে চৰকাৰে আৰম্ভ কৰিছিল মিছন বসুন্ধৰা আঁচনি ৷ এই মিছন বসুন্ধৰা 2.O ৰ জৰিয়তে সমগ্ৰ অসমতে অনলাইনযোগে খাজানা আদায়, ডিজিটেল ষ্টাম্পিং, কম্পোজিট লেণ্ড ট্ৰেঞ্চফাৰ সেৱা (অটো-মিউটেচন) আদি নিৰ্ধাৰিত পদ্ধতিৰে প্ৰদান কৰা হ’ব (Mission Basundhara of Assam Govt)।

মিছন বসুন্ধৰা 2.O ৰ দ্বাৰা  চৰকাৰী খাচ আৰু চিলিং উদ্ধৃত ভূমিৰ সমস্যা নিষ্পত্তিও কৰা হ’ব । ইয়াৰোপৰি দখলকাৰী ৰায়তীয়েও ভূমিৰ অধিকাৰ লাভ কৰিব ৷ খিলঞ্জীয়া লোকসকলৰ ভূমি থাকিলেও দীৰ্ঘদিনে নিষ্পত্তি নোহোৱা মাটি-বাৰী সম্পৰ্কীয় বিষয়সমূহ সমাধান কৰাৰ বাবে মিছন বসুন্ধৰা 2.O আঁচনিৰ অধীনত 329.19 কোটি টকা অনুমোদন দিয়া হৈছে ৷

উল্লেখ্য যে, মিছন বসুন্ধৰা 1ত মানুহৰ মাটিৰ নামজাৰি, নামৰ শুধৰণি, নাম সলনি, পট্টা পৃথকীকৰণ আদি মুঠ 9 টা বিষয় মীমাংসা কৰা হৈছিল ৷ মিছন বসুন্ধৰা 1ত ৰাজ্যৰ ভূমিৰ খেলিমেলি নিষ্পত্তিৰ বাবে 8.14 লাখ আবেদন পোৱা হৈছিল যদিও ইয়াৰে প্ৰায় 5.82 লাখ আবেদনৰহে মীমাংসা কৰা হৈছিল । 2.31 লাখ আবেদনৰ মীমাংসা নোহোৱাকৈয়ে থাকি গৈছিল ৷ 

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.