Demands for tribalisation: নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ নকৰিলে BJP নিষিদ্ধ কৰিব TAYPA ই

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 4:32 PM IST

thumbnail

সোণাৰি,৯ নৱেম্বৰ: সমাগত লোকসভা নিবাৰ্চন । নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ৰাজ্যত পুনৰ মূৰ দাঙি উঠিছে ছয় জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি প্ৰদানৰ প্ৰসংগ । শাসনলৈ অহাৰ পুৰ্বে শাসক দল বিজেপিয়ে অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও কাৰ্যতঃ সেইয়া কাৰ্যকৰী নকৰিলে । ফলত লোকসভা নিবাৰ্চনৰ প্ৰাকক্ষণত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰত টাই আহোমকে ধৰি ছয় জনগোষ্ঠীৰ দল-সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ।  

বৃহস্পতিবাৰে চৰাইদেউ জিলাৰ সোণাৰিৰ লাচিত উদ্যানত আহোমৰ লগতে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত টাই আহোম যুৱ পৰিষদে ৰূপায়ণ কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী । এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি টাইপাৰ কেন্দ্ৰীয় সভাপতি ৰাণা ৰঞ্জন গগৈয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হয় ।  

লোকসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিৰ মৰ্যদা প্ৰদান নকৰিলে টাই আহোম অধ্যুষিত এলেকাত বিজেপিক নিষিদ্ধ কৰিব টাইপাই । চৰকাৰে বছৰৰ পাছত বছৰ ধৰি কৰি অহা প্ৰৱঞ্চনাৰ বিৰুদ্ধে এইবাৰ টাই আহোম যুৱকসকলে চৰকাৰক উচিত প্ৰত্যুত্তৰ দিবলৈ সাজু হোৱা বুলিও উল্লেখ কৰে সভাপতিগৰাকীয়ে ।  

লগতে পঢ়ক: AASU protest in Guwahati: অশান্ত মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ দাবীত গুৱাহাটীত আছুৰ ব্যাপক প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.