Mob Lynching incident in Nazira: নাজিৰাত গণপ্ৰহাৰত মৃত্য়ু সন্দেহজনক গৰু চোৰ

By

Published : Feb 6, 2023, 10:59 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

thumbnail

শিৱসাগৰ,৬ ফ্ৰেব্ৰুৱাৰী: শিৱসাগৰ জিলাৰ নাজিৰাৰ বামুণপুখুৰী চাহ বাগিচাত দেওবাৰে পুৱা সংঘটিত হয় এক চাঞ্চল্যকৰ গণপ্ৰহাৰৰ ঘটনা(Mob Lynching incident in Nazira) ৷ এজাক উন্মত্ত জনতাৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হৈ পৰৱৰ্তী সময়ত চিকিৎসালয়ত মৃত্যুবৰণ কৰে এজন ব্যক্তিয়ে(Suspected cattle thief killed in Nazira lynching) ৷ নিহত ব্যক্তিজন চণ্টকৰ নাজু আলী বুলি জানিব পৰা গৈছে । ঘটনা অনুসৰি  নাজু আলি নামৰ ব্যক্তিজনে নাজিৰা বামুণপুখুৰী চাহবাগিছাৰ এগৰাকী চাহ জনগোষ্ঠীৰ যুৱতী সৈতে বিবাহপাশত আৱদ্ধ হৈছিল আৰু দেওবাৰে বামুণপুখুৰী চাহ বাগিচাৰ ৩ নং লাইনত থকা শহুৰেকৰ ঘৰত অৱস্থান কৰিছিল(Cow thief killed in mob attack) ৷ 

পুৱাৰভাগত নাজু আলি নামৰ ব্যক্তিজনক গৰু চুৰিৰ সন্দেহত বামুণপুখুৰী চাহবাগিচাত প্ৰহাৰ কৰে অঞ্চলটোৰ এদল উন্মত্ত জনতাই ৷ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰে নাজু আলী । পৰৱৰ্তী সময়ত নাজু আলীক উন্নত চিকিৎসাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসালয়ত চিকিৎসকে মৃত ঘোষণা কৰে ব্যক্তিজনক ৷ ইতিমধ্যে নাজিৰা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰি সমগ্র ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত ১৪ ব্যক্তিক  আটক কৰে ৷ 

নাজিৰা আৰক্ষীয়ে আটক কৰা লোকসকল ক্ৰমে দীপক কুৰ্মী, মুন্না কাঁৱাৰ, শংকৰ কাঁৱাৰ, নীতেশ বাউৰী, জীতে ৰৰবি দাস, পুণেশ্চৰ কুৰ্মী, শিৱ শংকৰ কাঁৱাৰ, ৰমেশ তাঁতী, মমী ৰবি দাস, অজয় সিং ৰাজপুত, উমা চাওৰা, বাসন্ত কুকুৰ্মী, আৰচা গড় আৰু দীপালী মুণ্ডা । আৰক্ষীয়ে আটক কৰা লোকসকলক মোকলাই নিবলৈ সোমবাৰে বাগিচাখনৰ প্ৰায় পাঁচ শতাধিক লোক নাজিৰা আদৰ্শ আৰক্ষী থানাত উপস্থিত হৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে(Sivasagar SP Subhrajyoti Bora) । 

ৰাইজৰ অভিযোগ অনুসৰি উক্ত দিনা এই হত্যাকাণ্ড ৰাইজৰ দ্বাৰা সংঘটিত হৈছিল আৰু আৰক্ষীয়ে কেৱল তাৰে একাংশ লোককহে গ্ৰেপ্তাৰ কৰিছ । তাৰোপৰি গৰু চুৰিৰ অনেক ঘটনাৰ সৈতে মৃত লোকজন জড়িত বুলিও ৰাইজে অভিযোগ উত্থাপন কৰে । অৱশ্যে নাজিৰা আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানতে উক্ত অমানৱীয় ঘটনাৰ সৈতে এই ১৪ লোক জড়িত থকাৰ তথ্য লাভ কৰি তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে ।  

ৰাইজৰ অভিযোগ অনুসৰি প্ৰতিবাৰেই নাজু আলীয়ে চুৰি কাণ্ড সংঘটিত কৰি আইনৰ সুৰুঙাৰে সাৰি যোৱাৰ বাবেই অতিষ্ঠ হৈ ৰাইজে এই সিদ্ধান্ত গ্ৰহণ কৰে । ৰাইজে অভিযোগ কৰিলেও আইন হাতত তুলি এইদৰে মৰেল পুলিচিঙৰ দৰে আইন বিৰোধী কাৰ্যৰ বিৰূদ্ধে নাজিৰা আৰক্ষীৰ কঠোৰ পদক্ষেপক আদৰণি জনাইছে সচেতন মহলে । পৰৱৰ্তী সময়ত আৰক্ষীয়ে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব । 

লগতে পঢ়ক: Anti Child Marriage Drive : চৰকাৰে চলোৱা বাল্য বিবাহবিৰোধী অভিযান বে-আইনী: অখিল গগৈ

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.