Students protest in Cotton University: কেন্টিনৰ খাদ্য উন্নত মানদণ্ড কৰাৰ দাবীত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ সাব্যস্ত

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 6:17 PM IST

thumbnail

গুৱাহাটী , ২৭ ছেপ্টেম্বৰ: শ্ৰেণীকোঠা এৰি প্ৰতিবাদত নামিল কটনিয়ান। ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ কেন্টিনৰ খাদ্য উন্নত মানৰ কৰাৰ দাবীত বুধবাৰে ছাত্ৰ-ছাত্ৰীসকলে মৌন সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে । হাতে হাতে প্লে’ কাৰ্ড লৈ আমাৰ দাবী কেন্টিনৰ খাদ্যৰ মানদণ্ড উন্নত কৰক, কেন্টিনত ছাত্ৰ-ছাত্ৰী অনুপাতে আসনৰ সংখ্যা বৃদ্ধি কৰক, খাদ্য বস্তুৰ সঠিক মূল্য নিৰ্ধাৰণ কৰক আদি শ্ল’গানেৰে কটন বিশ্ববিদ্যালয়ৰ চৌহদত মৌন সমদল উলিয়াই ৷ লগতে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলে সমস্যাসমূহ সমাধানৰ দাবী জনাই উপাচাৰ্যক এক স্মাৰক পত্ৰ প্ৰদান কৰে ।

প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে কয় যে, কটন বিশ্ববিদ্যালয়ৰ কেন্টিনৰ সমস্যা এক দীৰ্ঘদিনীয়া সমস্যা । এই সমস্যা সমাধানৰ বাবে বহু দিন ধৰি দাবী উত্থাপন কৰা হৈ আহিছে যদিও আজিলৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সমস্যাটো সমাধানৰ বাবে গুৰুত্ব প্ৰদান কৰা নাই । এই সমস্যা সমাধানৰ দাবীতেই আজিও মৌন প্ৰতিবাদ কৰা হৈছে । ৫ হাজাৰ কটনিয়ানৰ বাবে কেন্টিনৰ আসন পৰ্যাপ্ত নহয়। ২০০ ছাত্ৰ-ছাত্ৰীও বহাৰ ব্যৱস্থা নাই কেন্টিনত । তদুপৰি কেন্টিনৰ পৰিৱেশ একেবাৰ অস্বাস্থ্যকৰ হোৱাৰ উপৰিও খাদ্যবস্তুৰ মূল্য অধিক । এই সমস্যাসমূহ সমাধান কৰিব লাগে । বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক সমস্যাসমূহ সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে ৷

লগতে পঢ়ক: Ayushman Excellence Award 2023: অসমলৈ কেন্দ্ৰৰ ২ আয়ুস্মান উৎকৃষ্টতাৰ পুৰস্কাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.