Crime in Dibrugarh: নাহৰকটীয়াত বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী জব্দ

By

Published : Mar 6, 2023, 7:56 PM IST

thumbnail

মৰাণ ,৬ মাৰ্চ: ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী জব্দ কৰিছে । দেওবাৰে নিশা ৰে'লৱেৰ সামগ্ৰী কঢ়িয়াই নিয়া  NL02-N-5675 নম্বৰৰ এখন বাহন আৰক্ষীয়ে নাহৰকটীয়াত জব্দ কৰে (Stolen goods recovered in Naharkatia)। আৰক্ষীয়ে  চালকৰ স্বীকাৰোক্তিৰ ভিত্তিত এই ঘটনাৰে জড়িত মুন্না গুপ্তা নামৰ এজন লোকক আটক কৰে । ৰে'লৱে সামগ্ৰী চুৰিৰ লগত জড়িত মুন্না গুপ্তাক দেওবাৰে পুৱতি নিশা তিনিচুকীয়াৰ ৰে'ল আৰক্ষীয়ে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।  

জানিব পৰা মতে, বিগত কিছুদিন ধৰি ৰে'লৱেত ব্যৱহৃত সামগ্ৰী চুৰি হৈ থকা ঘটনাৰ তদন্তৰ বাবে নাহৰকটীয়াত প্ৰায় দহদিন ধৰি বাহৰ পাতি আছিল তিনিচুকীয়াৰ পৰা অহা ৰে’ল আৰক্ষীৰ দলটোৱে ৷ (Stolen goods seized in Naharkatia)। সম্প্ৰতি ধৃত মুন্না গুপ্তাৰ জেৰা অব্যাহত ৰাখিছে ৰে’ল আৰক্ষীয়ে । আৰক্ষী সূত্ৰই উল্লেখ কৰা মতে, ৰে'লৱেৰ সামগ্ৰী চুৰিৰ ঘটনাত জড়িত আৰু বহুত ৰৌ বৰালি জালত পৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক:Earthquake In Andaman Nicobar: পুৱাই এটা মজলীয়া ভূমিকম্পই জোঁকাৰি গ'ল আন্দামান নিকোবৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.