Road Accident in Tezpur: তেজপুৰৰ ডেকাৰগাঁৱত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এছ এছ বিৰ জোৱান

By

Published : Jun 3, 2023, 10:50 PM IST

thumbnail

তেজপুৰ, 3 জুন : তেজপুৰৰ ডেকাৰগাৱঁ‌ত আজি সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত আহত সশস্ত্ৰ সীমা বল গৰৈমাৰীৰ এজন জোৱান ৷ দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে চাৰিচকীয়া বাহনখনে (SSB Jawan seriously Injured in Road Accident) ৷

জানিব পৰা মতে এখন As 12AG 3495 পঞ্জীয়ন নম্বৰৰ স্কুটিৰে এছ এছ বিৰ জোৱানজন গৈ থকা অৱস্থাত এখন চাৰিচকীয়া বাহনে খুন্দিয়াই গুৰুতৰভাৱে আহত কৰে জোৱানজনক ৷ দুৰ্ঘটনাটোত জোৱানজনে ভৰি, ডিঙি আৰু হাতত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ জোৱানজনক আঘাতপ্ৰাপ্ত অৱস্থাত স্থানীয় লোকে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে (SSB Jawan Injured in Road Accident in Tezpur) ৷

আহত জোৱানজন শোণিতপুৰৰ পাঁচনৈৰ দিব্যজ্যোতি নাথ বুলি জানিব পৰা গৈছে (SSB cop  Injured in Road Accident in Tezpur) ৷ ইতিমধ্যে পৰিয়ালৰ লোকে জোৱানজনক তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ পৰা উন্নত চিকিৎসাৰ বাবে এখন ব্যক্তিগত চিকিৎসালয়লৈ  লৈ গৈছে (Road Accident in Tezpur) ৷ 

লগতে পঢ়ক: Odisha train accident:ওড়িশা ৰে'ল দুৰ্ঘটনাত কথমপি প্ৰাণৰক্ষা শোণিতপুৰৰ যুৱকৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.