কা আন্দোলন কাৰো ব্যক্তিগত বা পৈতৃক সম্পত্তি নহয়, শৃংখল চলিহা

By

Published : Aug 22, 2022, 1:25 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

thumbnail

"কা আন্দোলন আৰম্ভ হৈছে, আমি সুখী ৷ মোৰ ঘৰৰ প্ৰতিচপৰা ইটাই অসম আন্দোলনৰ কথা কয় ৷ সেই সময়ৰ অসম আন্দোলনৰ কথা মই মোৰ দেউতাৰ মুখত শুনো ৷ অসম নামৰ জাতি, অসম নামৰ মা জনীক বেৰি ৰখা হাজাৰটা বেৰিকেটক গুৰিয়াই ভাঙি পেলাব লাগিব ৷ খিলঞ্জীয়া লোকক কা আন্দোলনৰ নেতৃত্ব লোৱাটো বিচাৰিছো ৷ কা হৈছে জাতীয় জীৱনৰ ভাবুকি ৷ কা আন্দোলন কাৰো ব্যক্তিগত বা পৈতৃক সম্পত্তি নহয় ৷" কা’ আন্দোলনৰ দ্বিতীয় পৰ্যায়ক লৈ শিৱসাগৰত এই মন্তব্য প্ৰকাশ কৰে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই (Srinkhal Chaliha comment on CAA Protest) ৷ সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যৰ আহ্বানত আছুকে ধৰি বিভিন্ন ছাত্ৰ সংগঠনে যোৱা 18 আগষ্ট তাৰিখৰ পৰা আৰম্ভ কৰা কা’ আন্দোলনৰ উকমুকনি এতিয়াও গুৱাহাটীক বাদ দি অন্য ঠাইত পৰিলক্ষিত হোৱা নাই (CAA protest in Assam) ৷ এই সন্দৰ্ভত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই স্পষ্ট ভাষাৰে কয় যে আমি সাজু থাকিব লাগিব গুলী খাবলৈ (CAA Protest by AASU) ৷ যাব লাগিব জেললৈ ৷ সেইদৰে অনুসূচীত জাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰশজ্যোতি দাসে এইবাৰ আন্দোলনৰ জৰিয়তে একাংশ তথাকথিত সুবিধাবাদী লোকক নেতা হোৱাৰ সুবিধা প্ৰদান কৰা নহ'ব বুলি সদৰী কৰে ৷ তেওঁ কয় যে কা’ আন্দোলন হ’লে, সেইয়া অসমীয়া খিলঞ্জীয়া লোকক ঐক্যবদ্ধ কৰা আন্দোলন হ'ব লাগিব ।

Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.