শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাৰ সহধৰ্মিনীৰ মৃত্যু

By ETV Bharat Assamese Team

Published : Nov 19, 2023, 9:01 PM IST

thumbnail

ৰঙিয়া, 19 নৱেম্বৰ : শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাৰ সহধৰ্মিনীৰ মৃত্যু ৷ নিশা নিজ বাসগৃহত মৃত্যু হয় পত্নী স্বৰ্ণলতা ডেকাৰ ৷ অনাতাঁৰ শিল্পী তথা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাৰ পত্নী স্বৰ্ণলতা ডেকাৰ মৃত্যুত অঞ্চলটোত  পৰে ৷

শনিবাৰে নিশা 10.35 বজাত নিজা বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে স্বৰ্ণলতা ডেকাৰ ৷ যোৱা কিছু দিন ধৰি অসুস্থ হৈ আছিল স্বৰ্ণলতা ডেকা ৷ উল্লেখযোগ্য যে দেওবাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক ৰঙিয়া অধিবেশনৰ লাইখুটা স্থাপন অনুষ্ঠান আছিল ৷ অনুষ্ঠানটোত পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই লাইখুটা স্থাপন কৰাৰ কথা আছিল ৷ কিন্তু পত্নীৰ আকস্মিক মৃত্যুৰ বাবে পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাৰ পৰিবৰ্তে উপ পদাধিকাৰ চক্ৰধৰ সোণোৱালে লাইখুটা স্থাপন কৰে ৷

ইফালে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাৰ পত্নী স্বৰ্ণলতা ডেকাৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছতে বহু গণ্য-মান্য ব্যক্তিয়ে শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ বাসভৱনত উপস্থিত হয় ৷ 

লগতে পঢ়ক : বাক্সাৰ বৰিমাখাত বিকশিত ভাৰত সংকল্প যাত্ৰা, সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.