বাক্সাৰ বৰিমাখাত বিকশিত ভাৰত সংকল্প যাত্ৰা, সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

By ETV Bharat Assamese Team

Published : Nov 19, 2023, 7:18 PM IST

thumbnail

বাক্সা, 19 নৱেম্বৰ : বাক্সা জিলাৰ বৰিমাখা হাইস্কুল খেলপথাৰত দেওবাৰে অনুষ্ঠিত হোৱা বিকশিত ভাৰত সংকল্প যাত্ৰাত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সণোৱালে ৷ তেওঁ ৰাইজক উদ্দেশ্যি ভাষণত কয় যে ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰতে উন্নয়নৰ ক্ষেত্ৰত পঞ্চম স্থানত উপনীত হৈছে ৷ এইয়া সম্ভৱ হৈছে ভাৰতবৰ্ষৰ জনসাধাৰণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ পদক্ষেপৰ কাৰণে ৷

তেওঁ লগতে কয় যে চৰকাৰী আঁচনিৰ যোগেদি ৰাইজ যথেষ্ট উপকৃত হৈছে ৷ কংগ্ৰেছৰ দিনত এচাম মধ্যভোগীয়ে চৰকাৰী আঁচনি হৰলুকি কৰিছিল ৷ কংগ্ৰেছক এতিয়া মিডিয়াইহে জীয়াই ৰাখিছে বুলিও কটাক্ষ কৰে তেওঁ ৷ লোকসভা নিৰ্বাচনৰ কথা এতিয়ালৈ ক’ব পৰা হোৱা নাই বুলিও সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় ৷  

আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিয়ে অসমত 12 খন আসন লাভ কৰিব বুলিও তেওঁ মতামত ব্যক্ত কৰিছে ৷ সভাত কেবিনেট মন্ত্ৰী নন্দিতা গাৰ্লোচা, ইউ জি ব্ৰহ্ম, বিটিচিৰ ই.এম. ঘনশ্যাম দাস আৰু ৰাকেশ ব্ৰহ্ম উপস্থিত থাকে ৷ 

লগতে পঢ়ক : বিজেপিয়ে দুখন ভাৰত বিচাৰে, এখন দুখীয়াৰ বাবে আৰু এখন আদানীৰ দৰে উদ্যোগপতিৰ বাবে : ৰাহুল গান্ধী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.