Special TET pass teachers protest: বিশেষ টেট উত্তীৰ্ণ শিক্ষকৰ প্ৰতিবাদত উত্তাল কাহিলিপাৰাৰ সমগ্ৰ শিক্ষাৰ কাৰ্যালয়

By

Published : May 4, 2023, 10:48 PM IST

thumbnail

গুৱাহাটী, ৪ মে’ : বিশেষ টেট উত্তীৰ্ণ শিক্ষকৰ প্ৰতিবাদত বৃহস্পতিবাৰে উত্তাল হৈ পৰে গুৱাহাটীৰ কাহিলিপাৰাস্থিত সমগ্ৰ শিক্ষাৰ কাৰ্যালয় চৌহদ । নিযুক্তি নোপোৱাৰ প্ৰতিবাদত শ শ বিশেষ টেট উত্তীৰ্ণ শিক্ষকে আজি প্ৰতিবাদ সাব্যস্ত কৰে (Special TET pass teachers protest in Guwahati) ।

উল্লেখ্য যে প্ৰতিবাদ নিয়ন্ত্ৰণ কৰাৰ বাবে সমগ্ৰ শিক্ষা অসমৰ কাৰ্যালয়ৰ সন্মুখত বৃহৎ সংখ্যক আৰক্ষী জোৱান মোতায়েন কৰা হৈছিল । হাতে হাতে পোষ্টাৰ-বেনাৰ আৰু প্লেকাৰ্ড লৈ সমবেত হোৱা বিশেষ টেট উত্তীৰ্ণ সকলে সমগ্ৰ শিক্ষা অসমৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগে লগে আৰক্ষীয়ে বাধা প্ৰদান কৰে । 

আৰক্ষীৰ বাধাকো নেওচি প্ৰতিবাদকাৰী সকলে 'শিক্ষা মন্ত্ৰী হায় হায়', 'আমাৰ দাবী মানিবই লাগিব' আদি বিভিন্ন শ্ল'গানেৰে কাৰ্যালয় চৌহদ উত্তাল কৰি তোলে (Special TET pass teachers protest) ।

ইফালে প্ৰতিবাদকাৰীৰ বিক্ষোভ কাৰ্যসূচীৰ ফলত কাহিলিপাৰাৰ পথ অচল হৈ পৰে । এটা সময়ত প্ৰতিবাদকাৰী সকলৰ ওপৰত আৰক্ষী জঁপিয়াই পৰে । পাচত আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলক টানি-আঁজুৰি গাড়ীত উঠাই আটক কৰি নিয়ে । উল্লেখ্য যে আজিৰ প্ৰতিবাদী কাৰ্যসূচী বিশেষ টেট উত্তীৰ্ণ-২০২১ সন্থাৰ উদ্যোগত ৰূপায়ণ কৰা হয় । বিশেষ টেটত উত্তীৰ্ণ হোৱাৰ পিচদিনাই নিযুক্তি দিয়া চৰকাৰৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাত ক্ষুব্ধ হৈ পৰা ২০২১ চনৰ বিশেষ টেট উত্তীৰ্ণ শিক্ষক সকলে আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

লগতে পঢ়ক : Assam Direct Recruitment Grade 4 Result 2023 : চতুৰ্থ বৰ্গৰ ১৪২৮১ টা পদৰ ফলাফল ঘোষণা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.