Son kills Father: হায় মানৱতা ! নিজ পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ

By

Published : Oct 20, 2022, 7:48 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

thumbnail

চৰাইদেউত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা (Murder Case in Charaideo) । মাটিৰ বাবেই পুত্ৰই হত্যা কৰিলে নিজ পিতৃক (Son kills father)। ঘটনাটো সংঘটিত হৈছে চৰাইদেউ জিলাৰ বনমালি শান্তিপুৰত ৷ মাটি-বাৰী সম্পৰ্কীয় বাক-বিতণ্ডাৰ পৰিণতিত খঙৰ বশৱৰ্তী হৈ পুত্ৰ পাপু বৰুৱাই চোকা দাৰে আঘাত কৰি প্ৰহাৰ কৰে পিতৃ আশাধৰ বৰুৱাক (Son kills father in Charaideo) ৷ পুত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত পিতৃয়ে অৱশেষত মৃত্যুবৰণ কৰে ৷ ইয়াৰ পাছতেই পিতৃক নিজেই হত্যা কৰা বুলি ধৃত পাপু বৰুৱাই কাকতিবাৰী আৰক্ষীক স্বীকাৰোক্তি দিয়াৰ লগতে সংবাদমাধ্যমৰ আগতো স্বীকাৰ কৰিলে পিতৃক হত্যা কৰাৰ কথা । ইতিমধ্যে হত্যাকাৰী পাপু বৰুৱাক গ্ৰেপ্তাৰ কৰি কাকতিবাৰী আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনৰ ৩০২ ধাৰা অনুসৰি ৩২/২২ নম্বৰত এটা গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত ।

Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.