Crusher Machine Seal in Majbat:ৰৌতাত উৎখাত কাঠফলা কল

By

Published : Mar 19, 2023, 5:20 PM IST

thumbnail

ওদালগুৰি,১৯ মাৰ্চ: ওদালগুৰি জিলা বন বিভাগ আৰু প্ৰশাসনে অবৈধ কাঠফলা কলৰ বিৰুদ্ধে অভিযান চলাই আছে (Smuggled timber seized in Udalguri)। মাজবাট ৰাজহ চক্ৰ বিষয়াই ওৰাঙত ক্ৰেছাৰ মেচিন আৰু ইটা ভাটা চীল কৰাৰ পিছত দেওবাৰে পুৱাই অবৈধ কাঠফলা কলৰ বিৰুদ্ধে অভিযান চলাই ওদালগুৰি জিলা বন বিভাগে (Crusher Machine Seal in Majbat)। বন বিভাগৰ অভিযানত উৎখাত কেইবাটাও অবৈধ কাঠফলা কল ।  

মাজবাট আঞ্চলিক বন বিভাগে ৰৌতাৰ লাইলাং পাৰাত উৎখাত কৰে অবৈধ কাঠফলা কল । এই অভিযানত জব্দ অবৈধ কাঠসহ কলৰ সামগ্ৰী । আনহাতে, যোৱা নিশা মাজবাট আঞ্চলিক বন সংমণ্ডলৰ বন বিষয়াৰ নেতৃত্বত অভিযান চলাই বৃহৎ পৰিমাণৰ অবৈধ কাঠসহ ট্ৰেক্টৰ জব্দ কৰে । মাজবাটৰ লামাবাৰীত AS-27C-6317 নম্বৰৰ টেক্টৰেৰে অবৈধ কাঠ আনি থকা অৱস্থাত বনকৰ্মীসকলে কাঠখিনি জব্দ কৰিবলৈ সক্ষম হয় । আনহাতে, শনিবাৰে ওৰাঙত প্ৰশাসনে চীল কৰে ৭ টাকৈ ক্ৰেছাৰ মেচিন আৰু ২ টাকৈ ইটা ভাটা ।  

লগতে পঢ়ক:Check Bounce issue : অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ চেক বাউন্স সন্দৰ্ভত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ স্পষ্টীকৰণ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.