Child marriage:শোণিতপুৰত বাল্য বিবাহৰ গোচৰত গ্ৰেপ্তাৰ ৬ জন

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 4:52 PM IST

thumbnail

তেজপুৰ, ৩ অক্টোবৰ : বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰ মাৰ বান্ধি থিয় হোৱাৰ পিচতো গা-লৰা নাই একাংশৰ ৷ বাল্য বিবাহ কৰাসকলৰ বিৰুদ্ধে অভিযান চলাই থকাৰ সমান্তৰালকৈ ঠায়ে ঠায়ে অনুষ্ঠিত কৰা হৈছে সজাগতা সভা, কিন্তু মানুহে যেন শিক্ষা লোৱা নাই এইবোৰৰ পৰা ৷ লুকাই-চুৰকৈ এতিয়াও অব্যাহত ৰাখিছে বাল্য-বিবাহ প্ৰথা ৷

শেহতীয়াকৈ শোণিতপুৰ জিলাৰ তেজপুৰ সদৰ আৰু ঢেকিয়াজুলি থানাৰ এলেকাৰ পৰা মঙলবাৰৰ পুৱতি নিশা অভিযান চলাই ছজন লোকক গ্ৰেপ্তাৰ কৰে ৷ নাবালিকাক বিয়া কৰাই অনা ৫ জন যুৱক আৰু ১ জন শহুৰেকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ জানিব পৰা মতে পুৱতি নিশা শোৱাপাটীৰ পৰাই উঠাই আনে লোককেইজনক আৰক্ষীয়ে ।

তেজপুৰ সদৰ থানাৰ এলেকাৰ পৰা ৪ জন আৰু ঢেকিয়াজুলিৰ পৰা ২ জন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । তেজপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা চাৰিজন হ’ল বেবেজীয়াৰ সুৰজ পাটৰ, বিহগুৰিৰ ছাহাদাত ছাহ, বৰঘাতৰ আলম হুছেইন আৰু আছকৰ আলি । আনহাতে ঢেকীয়াজুলিৰ পৰা গ্ৰেপ্তাৰ কৰা দুজন হ’ল চাহিদুল ইছলাম আৰু ৰমজান আলী ।

লগতে পঢ়ক : Operation against Child Marriage: বাল্য বিবাহ বিৰোধী অভিযান, দেৰগাঁৱত 3 আৰু গোলাঘাটত এজনক আটক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.