ETV Bharat / state

Operation against Child Marriage: বাল্য বিবাহ বিৰোধী অভিযান, দেৰগাঁৱত 3 আৰু গোলাঘাটত এজনক আটক

author img

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 1:09 PM IST

ৰাজ্যত পুনৰ আৰম্ভ বাল্য বিবাহ বিৰোধী অভিযান । দেৰগাঁৱত তিনি আৰু গোলাঘাট এজনক আটক ।

Operation against Child Marriage
দেৰগাঁৱত 3 আৰু গোলাঘাটত এজনক আটক

দেৰগাঁৱত 3 আৰু গোলাঘাটত এজনক আটক

যোৰহাট, 3 অক্টোবৰ : কেইদিনমানৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে বাল্য বিবাহৰ বিৰুদ্ধে পুনৰ অভিযান চলোৱাৰ কথা ঘোষণা কৰাৰ পাচতে সোমবাৰৰ নিশাৰ পৰা অসম আৰক্ষীয়ে পুনৰ বাল্য বিবাহৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেৰগাঁও আৰু গোলাঘাটতো বাল্য বিবাহ বিৰুদ্ধে আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে ৷

সোমবাৰে নিশা গোলাঘাট আৰক্ষীয়ে কমাৰবন্ধা বামুণ গাঁৱত অভিযান চলাই এজনক আটক কৰে ৷ গোলাঘাট আৰক্ষীৰ সমান্তৰালভাৱে দেৰগাঁও আৰক্ষীয়েও বিভিন্ন প্ৰান্তত অভিযান চালাই ৷ অভিযানত তিনিজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

দেৰগাঁও আৰক্ষীয়ে আটক কৰা অৱৈধ স্বামীকেইজন ক্ৰমে 2 নং হাহচৰাৰ ৰিন্টু দাস, 1 নং খকন্দগুৰিৰ ঋষিকেশ বৰা আৰু দক্ষিণ দলিজলীয়াৰ অনুভৱ দাস । বৰ্তমান আটাইকেইজন অৱৈধ স্বামীক গোলাঘাট আৰু দেৰগাঁৱ থানাত ৰখা হৈছে ৷

আৰক্ষীয়ে আটাইকেইজন অৱৈধ স্বামীক সোধ-পোচ অৱ্যাহত ৰাখিছে । ইফালে পৰিয়ালৰ লোক বৰ্তমান দেৰগাঁৱ আৰু গোলাঘাট থানাত নিশা পৰাই ভীৰ কৰা পৰিলক্ষিত হৈছে ৷

বাল্য বিবাহ বিৰোধী অভিযানৰ দ্বিতীয় পৰ্যায়ৰ প্ৰথম নিশা লখিমপুৰ জিলাত 10 জন, বৰপেটা জিলাৰ কলগাছিয়াৰ পৰা 20 জনক আটক কৰিছে আৰক্ষীয়ে ৷

উল্লেখ্য যে চলিত বৰ্ষৰ আৰম্ভণিতে ৰাজ্যজুৰি বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলাইছিল অসম আৰক্ষীয়ে ৷ হাজাৰ হাজাৰ লোকক আটক কৰিছিল ৰাজ্যখনৰ বিভিন্ন স্থানৰ পৰা ৷ তাতে শেষ নকৰি কেইদিনমানৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে পুনৰ বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলোৱাৰ কথা ঘোষণা কৰিছিল ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে সোমবাৰৰ নিশাৰ পৰা অসম আৰক্ষীয়ে ৰাজ্যজুৰি বাল্য বিবাহ বিৰুদ্ধে অভিযান চলায় ৷

আনহাতে নিশাৰ পৰা আৰক্ষীয়ে বাল্য বিবাহ বিৰোধী অভিযান চলোৱাৰ খবৰ পোৱাৰ পাচতে একাংশই আত্মগোপন কৰিছে ৷

লগতে পঢ়ক:Man Elephant conflict in Assam:নুমলীগড়ত বন্যহস্তীয়ে তহিলং কৰিলে খেতিপথাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.