উদণ্ড যুৱকৰ প্ৰহাৰত মৃত্যু দোকানীৰ, ৰাজপথত মৃতদেহ লৈ তীব্ৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 10:20 AM IST

thumbnail

মৰিগাঁও, 30 নৱেম্বৰ : মৰিগাঁও জিলা ঝাৰগাঁও বজাৰত মৃতদেহ লৈ উত্তাল প্ৰতিবাদ জনতাৰ ৷ এগৰাকী দোকানী হত্যাকাণ্ডক কেন্দ্ৰ কৰি এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ হত্যাকাৰীক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিবলৈ দাবী প্ৰতিবাদকাৰীৰ ৷

ঘটনাৰ বিৱৰণী অনুসৰি, মঙলবাৰে আবেলি মায়ঙৰ ঝাৰগাঁও বজাৰত এক লোমহৰ্ষক ঘটনা সংঘটিত হৈছিল ৷ কেইগৰাকীমান উদণ্ড যুৱকৰ প্ৰহাৰত মৃত্যু হয় সূৰ্য্যলাল দাস নামৰ এজন দোকানীৰ। তাৰ পিচৰে পৰা সমগ্ৰ অঞ্চলত এক চেপা উত্তেজনাই বিৰাজ কৰিছে ৷

বুধবাৰে লোকজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষা কৰি অনাৰ পিচত মৃতদেহ লৈ ঝাৰগাওঁ বজাৰত ৰাইজে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ এই ঘটনাৰ পিচতে ইতিমধ্যে জাগীৰোড আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত দুজন লোকক আটক কৰিছে ৷ আটকাধীন লোক কেইজনক উচিত শাস্তি দিবলৈ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক: বোকাজানত ট্ৰাক আৰু এলট’ বাহনৰ সংঘৰ্ষ, দুগৰাকী নিহত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.