Fire in Barbari area: শ্বৰ্ট চাৰ্কিট নোহোৱাকৈয়ে পাচলি বজাৰত কেনেকৈ লাগিল জুই ?

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 2:13 PM IST

thumbnail

গুৱাহাটী, ৬ নৱেম্বৰ : মহানগৰীৰ বৰবাৰীত দেওবাৰে মাজনিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । বৰবাৰী টেৰণ মাৰ্কেটত নিশা প্ৰায় ২ বজাত হঠাৎ জুইৰ সূত্ৰপাত হোৱাত অঞ্চলটোৰ চৌদিশে হাহাকাৰ লাগে ।

জুইৰ লেনিহান শিখাই বজাৰখনৰ চৌদিশে আগুৰি ধৰে । পিচত স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হোৱা দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে কেইবাঘন্টা জোৰা প্ৰচেষ্টাৰ অন্তত এই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ।

এই অগ্নিকাণ্ডৰ ঘটনাত বজাৰখনৰ ফলমূলৰ দোকান, শাক-পাচলিৰ দোকান, মাছ-মাংসৰ দোকান আদিকে ধৰি ১২ খন ব্যৱসায়িক প্ৰতিষ্ঠান জুইত সম্পূৰ্ণ ৰূপে জাহ যায় । এই অগ্নিকাণ্ডৰ ফলত কেইবা লক্ষাধিক টকাৰ ক্ষতিসাধন হয় । কোনো দুৰ্বৃত্তই পৰিকল্পিতভাৱে কেৰাচিন তেল ঢালি অগ্নিসংযোগ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক : Massive fire breaks out : বৰপেটাৰোডত ভয়ংকৰ অগ্নিকাণ্ড; তিনিটাকৈ ঘৰ-চাৰিখন দোকান ভস্মীভূত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.