তিনিচুকীয়াৰ জ্যেষ্ঠ সাংবাদিক পৰশ চলিহা আৰু নাই

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 3:25 PM IST

thumbnail

তিনিচুকীয়া,১৬ জানুৱাৰী: অসমৰ সংবাদ জগতৰ বাবে এক দুঃখবৰ । তিনিচুকীয়াৰ জ্যেষ্ঠ সাংবাদিক, তথা সাংস্কৃতিক কৰ্মী পৰশ চলিহাৰ দেহাৱসান । সোমবাৰে নিশা ৯:৪০ বজাত তিনিচুকীয়া পৰ্বতীয়াস্থিত বাসগৃহত দেহাৱসান ঘটে বিশিষ্ট সাংবাদিক তথা সাংস্কৃতিক কৰ্মীগৰাকীৰ । মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৬২ বছৰ । এই খবৰে তিনিচুকীয়াৰ সমগ্ৰ সংবাদ মহলত গভীৰ শোকৰ ছাঁ পেলাইছে ।  

উল্লেখযোগ্য যে, বিগত কেইবাবছৰ ধৰি ৰোগত আক্রান্ত হৈ আছিল প্ৰয়াত চলিহা । মৃত্যুৰ সময়ত পত্নী, এটি পুত্ৰ আৰু এগৰাকী কন্যা সন্তান ইহ সংসাৰত এৰি থৈ যায় বিশিষ্ট সাংবাদিকগৰাকীয়ে । প্ৰয়াত পৰশ চলিহা আছিল তিনিচুকীয়াৰ যিকোনো সাংস্কৃতিক অনুষ্ঠানৰ এগৰাকী সুদক্ষ ঘোষক । তেখেতৰ নশ্বৰ দেহ অন্ত্য়েষ্টিক্ৰিয়াৰ সময়ত শ্মশানত তিনিচুকীয়াৰ সংবাদজগতৰ জ্যেষ্ঠজনৰ পৰা কনিষ্ঠজনলৈ সংবাদদাতা, তিনিচুকীয়া আছুৰ বিষয়ববীয়া, সাংস্কৃতিককৰ্মীকে প্ৰমুখ্য কৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত হৈ গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেখেতৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ।

লগতে পঢ়ক: ভোগালীৰ আনন্দৰ মাজতে নলবাৰীত পথ দুৰ্ঘটনাত মৃত্যু এজনৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.