School students hold protest:শ্ৰেণীকোঠা এৰি নিজৰ অধিকাৰ বিচাৰি নলবাৰীত কণ কণ ছাত্ৰ-ছাত্ৰী নামিল প্ৰতিবাদত

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 5:14 PM IST

thumbnail

নলবাৰী, ১১ ছেপ্টেম্বৰ : কণ কণ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত কপিল নলবাৰীৰ ঘগ্ৰাপাৰ । আমাক বিদ্যালয় দিয়ক আমাক পঢ়িবলৈ দিয়ক আদি ভিন্ন শ্ল’গানেৰে প্ৰতিবাদ মুখৰ হৈ পৰিল কণ কণ ছাত্ৰ-ছাত্ৰী । আমাক বিদ্যালয় ওভোতাই দিয়ক শ্ল’গানেৰে শিক্ষাখণ্ডৰ কাৰ্যালয় ঘেৰাও ছাত্ৰ-ছাত্ৰীৰ ।

নলবাৰীৰ বড়িগোগ বনভাগ শিক্ষা খণ্ডৰ কাৰ্যালয়ত সোমবাৰে ছাত্ৰ-ছাত্ৰী সকলে শ্ৰেণী কোঠা এৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষাখণ্ডৰ কাৰ্যালয়ৰ সন্মুখত । উল্লেখ্য যে বিদ্যালয় স্থানান্তৰিত কৰাক লৈ এই তীব্ৰ ক্ষোভৰ সৃষ্টি হয় নলবাৰীৰ কঞাজানীত । কঞাজানী মিলন প্ৰাথমিক বিদ্যালয়ক উঠাই নি বহু নিলগৰ নিজ খগটা প্ৰাথমিক বিদ্যালয়ত একত্ৰীকৰণ কৰিছে ৰাজ্য চৰকাৰে । এই কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে ছাত্ৰ-ছাত্ৰীৰ লগতে কঞাজানীৰ ৰাইজে ।

এখন গাঁওৰ অনুষ্ঠান এইদৰে চৰকাৰে বিলুপ্ত কৰাত ক্ষোভিত হৈ পৰিছে কঞাজানীৰ ৰাইজ । যাৰ বাবে শিক্ষাৰ অধিকাৰ বিচাৰি শ্ৰেণী কোঠা এৰি আহি এনেদৰে ৰাজপথত প্ৰতিবাদত নামিব লগীয়া হ’ল কণ কণ ছাত্ৰ-ছাত্ৰীসকল । ছাত্ৰ-ছাত্ৰীসকলে হাতে হাতে প্লে কাৰ্ড লৈ এইদৰে শিক্ষা খণ্ডটোৰ ওচৰত নিজৰ অধিকাৰ বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় ।

লগতে পঢ়ক : School students protest:পথ মেৰামতিৰ দাবীত ৰাজপথত ধৰ্ণা বিদ্যালয়ৰ কণ কণ শিশুৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.