ETV Bharat / state

School students protest:পথ মেৰামতিৰ দাবীত ৰাজপথত ধৰ্ণা বিদ্যালয়ৰ কণ কণ শিশুৰ

author img

By

Published : Aug 3, 2023, 5:17 PM IST

ৰাজপথত নামি ধৰ্ণা দিলে বিদ্যালয়ৰ কণ কণ শিশুৱে ৷ ৰঙিয়াৰ এটা গড়কাপ্তানি পথ মেৰামতিৰ দাবীত শিক্ষক, অভিভাৱক, স্থানীয় ৰাইজকে ধৰি বোকা পানী গচকি চিঞৰি উঠিল স্কুলীয়া ছাত্ৰ-ছাত্ৰী ৷

protest for repairing a road in rangia
ধৰ্ণা দিলে বিদ্যালয়ৰ কণ কণ শিশুৱে

ধৰ্ণা দিলে বিদ্যালয়ৰ কণ কণ শিশুৱে

ৰঙিয়া, 3 আগষ্ট : ৰঙিয়াৰ এটা গড়কাপ্তানি পথ মেৰামতিৰ দাবীত ৰাজপথত নামি ধৰ্ণা দিলে বিদ্যালয়ৰ কণ কণ শিশুৱে । পথটো হৈছে ৰঙিয়া বিধানসভা সমষ্টিৰ তথা বিটিআৰ গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ৰঙিয়া-কাউৰবাহা-গোৰেঈ পথ । ঢেপাৰগাঁও মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ লগতে অভিভাৱক তথা স্থানীয় ৰাইজে লগ হৈ পথটোৰ মাজতে ৰৈ চৰকাৰ তথা প্ৰশাসনৰ বিৰুদ্ধে শ্ল’গান দিয়ে । প্ৰতিবাদকাৰীসকলে বিটিআৰ প্ৰশাসন হায় হায়, আমাক পথটো বনাই দিয়ক, গড়কাপ্তানি বিভাগ মুৰ্দাবাদ ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে ।

ছাত্ৰ-ছাত্ৰীসকলে জহি খহি যোৱাৰ ফলত জৰাজীৰ্ণ হৈ পৰা পথটোৰ মাজত থকা বৃহৎ আকাৰৰ পুখুৰী সদৃশ গাঁতত থকা বোকা পানী গচকি নিতৌ বিদ্যালয়লৈ যাত্ৰা কৰাৰ মাজতে বুধবাৰে ঢেপাৰগাঁও মধ্য ইংৰাজী বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ এগৰাকী ছাত্ৰী দুৰ্ঘটনাগ্ৰস্ত হৈ চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হয় । ফলত স্থানীয় ৰাইজৰ মাজত যথেষ্ট ক্ষোভৰ সৃষ্টি হয় । স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি এই দুৰ্ঘটনাটো এটা উদাহৰণ হে মাত্ৰ । ইতিমধ্যে এনেধৰণ সৰু বৰ দুৰ্ঘটনা সংঘটিত হৈ পথটোৰে যাতায়ত কৰা বহু যাত্ৰী আঘাতপ্ৰাপ্ত হৈছে । সেয়েহে প্ৰশাসন তথা বিভাগৰ দায়িত্বহীনতাত অতিষ্ঠ হৈ ৰাইজে আজি ধৰ্ণা দিয়ে ।

উল্লেখ্য যে প্ৰায় দুবছৰ পূৰ্বে অসম মালা আঁচনিৰ অধীনত পথটো পকীকৰণৰ কাম আৰম্ভ হৈছিল । ইতিমধ্যে পথটোৰ নিৰ্মাণ মাদৈকাটাৰ ফকৰুদ্দিন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখ ভাগলৈ সম্পূৰ্ণ হৈছে । কিন্তু অজ্ঞাত কাৰণত বটাবাৰী চকৰ পৰা ৰঙিয়া মহকুমাধিপতি কাৰ্যালয়লৈ বাকীচোৱা পথ বৰ্তমানেও বেয়া হৈ আছে । অতিকৈ লেহেমীয়া গতিত নিৰ্মাণৰ কাম চলি থকা পথচোৱাৰ কেইবাঠাইতো বৃহৎ গাঁতৰ সৃষ্টি হোৱাৰ ফলত নিতৌ দুৰ্ঘটনা সংঘটিত হ’বলৈ ধৰিছে । বিশেষকৈ গ্ৰীষ্ম বন্ধৰ অন্তত বিদ্যালয়সমূহ খোলাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়লৈ যাতায়ত কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে ।

উল্লেখনীয় যে উক্ত পথটো হৈছে বৃহত্তৰ অঞ্চলটোৰ আৰ্থ-সামাজিক উন্নয়নৰ মেৰুদণ্ড স্বৰূপ । এই জৰাজীৰ্ণ পথটোৰে নিতৌ লটিবাৰী-কাউৰবাহা অঞ্চলৰ ছাত্ৰ-ছাত্ৰী, বিভিন্ন কাৰ্যালয়ত কৰ্মৰত কৰ্মচাৰী, ব্যৱসায়ী আৰু সাধাৰণ ৰাইজ সমন্বিতে লক্ষাধিক ৰাইজে প্ৰতিদিনে যাতায়াত কৰি নিজ কৰ্মস্থলীত উপস্থিত হয় । বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন ৰোগী আৰু প্ৰসূতিক উন্নত চিকিৎসাৰ বাবে ৰঙিয়া, গুৱাহাটী, নলবাৰী আদিলৈ নিবলগীয়া হ’লে ৰাইজে যমৰ যাতনা ভূগিবলগীয়া হয় । ১০৮ এম্বুলেঞ্চ সেৱা বা অগ্নি নিৰ্বাপক বাহিনীকে ধপি জৰুৰীকালীন সেৱাৰ গাড়ীসমূহ অঞ্চলটোৰ ভিতৰলৈ যাবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হয় ।

লগতে পঢ়ক : Pathetic condition of garbhitor dhomdhoma road:সদাব্যস্ত পথ এটাৰ দুৰৱস্থাৰ বাবে জ্বলা-কলা খাইছে ৰঙিয়াবাসীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.