Mid-day Meal scandal in Majuli: শিশুৰ মুখৰ ভাত কাঢ়ি খোৱাৰ অভিযোগ প্ৰধান শিক্ষকৰ বিৰুদ্ধে

By

Published : Aug 17, 2023, 4:06 PM IST

thumbnail

মাজুলী,17 আগষ্ট: শিশুৰ মুখৰ ভাত কাঢ়ি নিয়া এজন প্ৰধান শিক্ষকৰ কলংকিত কাহিনী ৷ মাজুলীৰ যোগীবাৰী ললিতী মৰাং মধ্য ইংৰাজী বিদ্যালয়ত মধ্যাহ্ন ভোজনত কেলেংকাৰীৰ অভিযোগ ৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষক নীলকান্ত দলেৰ বিৰুদ্ধে মধ্যাহ্ন ভোজনৰ চাউল আত্মসাৎ কৰাৰ ভয়ংকৰ অভিযোগ উঠিছে । অভিযোগ অনুসৰি বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীয়ে মধ্যাহ্ন ভোজনৰ সকলো চাউল বিক্ৰী কৰি ছাত্ৰ-ছাত্ৰীক খাবলৈ দিয়ে দোকানৰ নিম্নমানৰ চাউল ।

এক কথাত ছাত্ৰ-ছাত্ৰীক পশুৰ দৰে খাদ্য খোৱাৰ ব্যৱস্থা কৰি দিছে প্ৰধান শিক্ষক নীলকান্ত দলেই । ইফালে বিভিন্ন অজুহাতত বিদ্যালয়ত উপস্থিত নাথাকে প্ৰধান শিক্ষকগৰাকী । প্ৰায় ডেৰ বছৰ পূৰ্বে মাজুলী জিলাত অন্তৰ্ভূক্ত হৈছিল লুইত খাবলু ৷ কিন্তু যোগীবাৰী ললিতী মৰাং মধ্য ইংৰাজী বিদ্যালয় অৱশ্যে এই পৰ্যন্ত লখিমপুৰ জিলাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত। এই সন্দৰ্ভত দুই জিলাৰ প্ৰশাসনৰ পৰা ন্যায় বিচাৰিছে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকে ৷ 

লগতে পঢ়ক:Assam Police BMI Test : মাজুলীৰ নৱ নিৰ্মিত পুলিচ ৰিজাৰ্ভত আৰক্ষীৰ বি এম আই টেষ্টিং

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.