Goods Distribution in Guwahati: অগ্নিকাণ্ডত সৰ্বোচ্চ হেৰুওৱা লোকৰ মাজত সমগ্ৰী বিতৰণ

By

Published : Dec 19, 2022, 10:53 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail

ৰাউণ্ড টেবুল ইণ্ডিয়া, লেডিচ চাৰ্কল ইণ্ডিয়া আৰু ওমেনিয়াচ (Wommaniaas) ৰ যুটীয়া উদ্যোগত সোমবাৰে মহানগৰীৰ হাৰিয়ানা ভৱনত অগ্নিকাণ্ডত সৰ্বোচ্চ হেৰুওৱা লোকসকলৰ মাজত খাদ্য সামগ্ৰী, কম্বল, শিশুৰ খেলৰ সমগ্ৰী ইত্যাদি বিতৰণ কৰা হয় । ৬০ টা পৰিয়ালৰ ১৫০ গৰাকী সদস্যৰ মাজত বিতৰণ কৰা হয় এই অত্যাৱশ্যকীয় সামগ্ৰীসমূহ (Goods Distribution in Guwahati) । উল্লেখ্য যে, ৯ ডিচেম্বৰৰ দিনা বিয়লিৰ ভাগত ফটাশিল আমবাৰীত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছিল (Fire at Ambari) । কামাখ্যাৰাম বৰুৱা মহাবিদ্যালয়ৰ পাচফালে থকা জি এম চিৰ পুৰণি চাফাই কৰ্মী কলনীত এই বিধ্বংসী অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছিল । এই অগ্নিকাণ্ডত প্ৰায় 10টা চিলিণ্ডাৰ বিস্ফোৰণ হৈছিল । ফলত ৬০ টাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভষ্মীভূত হৈছিল । এই অগ্নিকাণ্ডত চাফাই কৰ্মীসকলৰ সকলো সা-সামগ্ৰী জাহ যোৱাত অসহায় হৈ পৰিছিল । বৰ্তমান মহানগৰীৰ হাৰিয়ানা ভৱনত অস্থায়ীভাৱে ৰখা হৈছে পৰিয়াল সমন্বিতে কৰ্মচাৰীসকলক ।

Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.