Road Accident in Lakhimpur: লখিমপুৰত ট্ৰেক্টৰৰ খুন্দাত ছাত্ৰীৰ মৃত্যু

By

Published : Dec 16, 2022, 1:34 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail

লখিমপুৰ নগৰৰ সমীপৰ চুতিয়াকাৰীত শুকুৰবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় (Road Accident in Lakhimpur) ৷ টেক্টৰৰ খুন্দাত এগৰাকী কলেজীয়া ছাত্ৰীৰ মৃত্যু হয় (One student died) ৷ লুলুমনি সোণোৱাল নামৰ ছাত্ৰীগৰাকীয়ে স্কুটী লৈ কলেজলৈ গৈ থাকোঁতেই ৰঙাপনীয়া নামঘৰৰ সন্মুখত এখন অচিনাক্ত ট্ৰেক্টৰে খুন্দা মৰাত থিতাতে নিহত হয় ছাত্ৰীগৰাকী (One student died at road accident) ৷ দুৰ্ঘটনা সংঘটিত হোৱা স্কুটীখনৰ পঞ্জীয়ন নম্বৰ AS07 R 5916 ৷ আনহাতে ঘটনা সংঘটিত কৰা ট্ৰেক্টৰখন পলাই যায় ৷ লুলুমণিৰ ঘৰ বধাকৰাৰ সোণোৱাল গাঁৱত ৷ লুলুমনি লখিমপুৰ ছোৱালী মহাবিদ্যালয়ৰ দ্বিতীয় সান্মাসিকৰ ছাত্ৰী আছিল ৷ আজি পৰীক্ষা দিবলৈ বুলি কলেজ লৈ আহোঁতেই এই দুৰ্ঘটনাটো সংঘটিত হয় ৷ স্থানীয় ৰাইজৰ দাবী দোষীক কৰায়ত্ত কৰি উচিত শাস্তি প্ৰদান কৰা লগতে ট্ৰেক্টৰৰ চালকসকলৰ লাইচেঞ্চসমুহ পৰীক্ষা কৰাৰ দাবী জনায় ৷

Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.