ষঠ পূজা চাবলৈ গৈ গোলাঘাটত দুৰ্ঘটনাত পতিত হ’ল বিলাসী বাহন

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 12:14 PM IST

thumbnail

গোলাঘাট, 20 নৱেম্বৰ : দেওবাৰে নিশা গোলাঘাটত সংঘটিত হয় এক ভয়ংকৰ ঘটনা ৷ নিশা ষঠ পূজা চাবলৈ গৈ নিয়ন্ত্ৰণ হেৰুৱাই গোলাঘাটৰ ঘোৰামৰা বিলৰ দ’ খাৱৈত সোমাই পৰিল এক ইক’ স্পৰ্টছ বাহন । ফলত কথমপি প্ৰাণ ৰক্ষা পৰে বাহনখনত থকা লোককেইজন ।

সংবাদ  মাধ্যমৰ আগত স্থানীয় লোকে উল্লেখ কৰা অনুসৰি, মইনা পাৰাৰ পৰা থুৰামুখ সংযোগী পথৰ বিধস্ত অৱস্থাৰ বাবেই AS03M6383 নম্বৰৰ ইক’ স্পৰ্টছ বাহনখন দুৰ্ঘটনাত পতিত হয় । ইফালে এই দুৰ্ঘটনাৰ ফলতে অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷

পৰৱৰ্তী সময়ত এই দুৰ্ঘটনাৰ বিষয়ে খবৰ দিয়া হয় আৰক্ষীক ৷ ঘটনা স্থলীত গোলাঘাট আৰক্ষী উপস্থিত হৈ দ’ খাৱৈৰ পৰা উদ্বাৰ কৰে দুৰ্ঘটনাত পতিত হোৱা বাহনখন ৷

লগতে পঢ়ক : প্ৰথমবাৰৰ বাবে অসমীয়াত অনুবাদ ইছলামিক ধৰ্মগ্ৰন্থ বুখাৰি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.