Road accident at Bargang: বিহালীৰ বৰগাঙত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা

By

Published : Dec 19, 2022, 2:30 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail

দেওবাৰে মাজনিশা প্ৰায় ১ মান বজাত বিহালী সমষ্টিৰ বৰগাং আৰক্ষী চকীৰ (Bargang police station) অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ বৰগাঙত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় (Road accident at Bargang) । জানিব পৰা মতে লক্ষীমপুৰ বৰবালিৰ পৰা বৰপেটা সত্ৰলৈ বুলি তীৰ্থ যাত্ৰা কৰা তীব্ৰ বেগী আলট্ৰা বাছ এখনে গুৱাহাটীৰ পৰা লক্ষীমপুৰ ধেমাজি অভিমুখে আহি থকা ট্ৰাকত খুন্দা মৰাৰ ফলত এই পথ দুৰ্ঘটনাটো সংঘটিত হয় । আলট্ৰা বাছখনৰ নম্বৰ As 07 AC176 আৰু ট্ৰাকখনৰ নম্বৰ As 01 NC5342 ৷ দুৰ্ঘটনাটোৰ ফলত 25 জন যাত্ৰী আহত হয় ৷ ততাতৈয়াকৈ বৰগাং কেথলিক হাস্পতাললৈ প্ৰেৰণ কৰা হয় আটাইকেইজনকে ৷ গুৰুতৰভাৱে আহত হোৱা ৬ গৰাকীক সংকটজনক অৱস্থাত তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় (Tezpur medical college) ৷ তেওঁলোক হ’ল চালক জয়ন্ত বৰা আৰু ৫ গৰাকী যাত্ৰী ৰাজা শইকীয়া, পুতুল বৰা, দীপা বৰা, বাবা বৰা আৰু কোষেশ্বৰ শইকীয়া ৷

Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.