বান্দৰদেৱাত পথ দুৰ্ঘটনা, থিতাতে নিহত এজন

By ETV Bharat Assamese Team

Published : Nov 19, 2023, 5:04 PM IST

thumbnail

বিহপুৰীয়া, 19 নৱেম্বৰ : লখিমপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তবৰ্তী বান্দৰদেৱাত দেওবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ বান্দৰদেৱাৰ গংগা যমুনা মন্দিৰৰ সমীপত 15 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হয় ৷

AS 07 V 4373 নম্বৰৰ স্কুটীৰে দ্ৰোপাং বালি পুখুৰীৰ নিৱাসী লোকেশ্বৰ হাজৰিকা (53) নামৰ লোকজনে বান্দৰদেৱাস্থিত সত্যম ইচপাৰ্ট নামৰ কাৰখানাটোলৈ আহি থকা অৱস্থাত বান্দৰদেৱাত সেনাবাহিনীৰ গাড়ীৰ সৈতে মুখামুখিকৈ খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় ৷

অৰুণাচল প্ৰদেশৰ বান্দৰদেৱা আৰক্ষীয়ে নিহত ব্যক্তিজনক চিনাক্ত কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে নাহৰলগুন মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে ৷  

লগতে পঢ়ক : কৰ্তব্যৰত অৱস্থাতে প্ৰাণ হেৰুৱালে 6 আৰক্ষী জোৱানে; গুৰুতৰভাৱে আহত এজন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.