কৰ্তব্যৰত অৱস্থাতে প্ৰাণ হেৰুৱালে 6 আৰক্ষী জোৱানে; গুৰুতৰভাৱে আহত এজন
Published: Nov 19, 2023, 1:58 PM

কৰ্তব্যৰত অৱস্থাতে প্ৰাণ হেৰুৱালে 6 আৰক্ষী জোৱানে; গুৰুতৰভাৱে আহত এজন
Published: Nov 19, 2023, 1:58 PM
মোদীক সুৰক্ষা দিবলৈ যোৱা নগৌৰ 6 জন আৰক্ষী জোৱানৰ মৃত্যু হয় এক পথ দুৰ্ঘটনাত ৷ আনপিনে এজন জোৱান গুৰুতৰভাৱে আহত বুলি জানিব পৰা গৈছে ৷ দেওবাৰৰ পুৱাই সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ আহত জোৱানজনৰ চিকিৎসা অব্যাহত আছে জে এল এন হাস্পতালত ।
নেশ্যনেল ডেস্ক, 19 নৱেম্বৰ : ৰাজস্থানৰ নগৌৰত শোকাৱহ দুৰ্ঘটনা ৷ পথ দুৰ্ঘটনাত 5 গৰাকী আৰক্ষী জোৱানৰ মৃত্যু হয় ৷ দেওবাৰৰ পুৱা নগৌৰ খিনভছাৰৰ সমীপত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো ৷ 5 গৰাকী আৰক্ষী জোৱানৰ থিতাতে মৃত্যু হয় আৰু আন এগৰাকী জোৱান চিকিৎসা গ্ৰহণ কৰি থকা অৱস্থাতে মৃত্যু ঘটে ৷ বৰ্তমান এজন গুৰুতৰভাৱে আহত হয় আৰক্ষী জোৱান নগৌৰ জে এল এন হাস্পতালত চিকিৎসাধীন অৱস্থাত আছে ।
তথ্য অনুসৰি, ঝুনঝুনুত অনুষ্ঠিত হ’বলগীয়া প্ৰধানমন্ত্ৰী মোদীৰ বৈঠকৰ বাবে খিনভছাৰৰ পৰা ঝুনঝুনুলৈ গৈ আছিল এই জোৱানসকল । প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ বাবে এই জোৱান কেইজন পুৱাই খিনভছৰৰ পৰা ওলাই আহিছিল । ৰাষ্ট্ৰীয় ঘাইপথ 58 ত চুৰু জিলাৰ কানুতা আৰু খাবদিয়ানাৰ মাজত আৰক্ষীৰ বাহনখনৰ এখন ট্ৰ’লীৰ সৈতে সংঘৰ্ষ হয় আৰু থিতাতে পাঁচজন আৰক্ষীৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে এজন চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে ৷ এজনে চিকিৎসা গ্ৰহণ কৰি আছে ।
আহতজনৰ চিকিৎসা অব্যাহত আছে চিকিৎসালয়খনত । আহতসকলৰ ভিতৰত এজন কনিষ্টবল সুখৰাম আৰু আন এজন হেড কনিষ্টবল সুখৰাম আছিল বুলি জানিব পৰা গৈছে ৷ চিকিৎসালয়ত মৃত্যু ঘটা জোৱানজনৰ নাম কনিষ্টবল সুখৰাম ৷ হেড কনিষ্টবল সুখৰামে বৰ্তমান নগৌৰ জে এল এন হাস্পতালত চিকিৎসাধীন হৈ আছে ।
আৰক্ষীয়ে জনোৱা মতে, আৰক্ষীক কঢ়িয়াই অনা গাড়ীখনে সন্মুখৰ পৰা অহা এখন ট্ৰাকৰ সৈতে খুন্দা মাৰে, যাৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হয় । নগৌৰ জে এল এন হাস্পতালৰ আউটপোষ্টৰ কনিষ্টবল ৰামকুমাৰে জনোৱা মতে, ঝুনঝুনুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈঠকত অংশ ল’বলৈ কৰ্তব্যৰত অৱস্থাত 7 জন আৰক্ষীৰ লোকে ঘাইপথত ট্ৰলীৰ সৈতে খুন্দা মাৰে আৰু থিতাতে 5 জন আৰক্ষীৰ মৃত্যু ঘটে ।
চুৰুৰ সুজানগড় সদৰ থানা এলেকাত সংঘটিত হোৱা এই দুৰ্ঘটনাত নগৌৰ জিলাৰ খিনভছাৰ থানাৰ আৰক্ষী ৰামচন্দ্ৰ, কুম্ভৰাম, থানাৰাম, লক্ষ্মণ সিং, কনিষ্টবল সুখৰাম আৰু সুৰেশৰ মৃত্যু হোৱাৰ বিপৰীতে আৰু হেড কনিষ্টবল সুখৰাম আহত হয় ।
