River Errosion at Dlagaon: আমাৰ ঘৰ-দুৱাৰ একো নোহোৱা কৰিলে......আশীৰ্বাদ নে অভিশাপ ধনশিৰি নৈ!

By

Published : Aug 11, 2022, 10:24 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

thumbnail

আশীৰ্বাদ নে অভিশাপ ধনশিৰি নৈ ৷ দলগাঁৱত ধনশিৰি নৈৰ তাণ্ডৱ (River Errosion at Dlagaon)। বিগত দুমাহ ধৰি দলগাওঁ সমষ্টিৰ কল্যাণ গাঁও পঞ্চায়তৰ অন্তৰ্গত কাছুমাৰী-সোনাৰী, বিলপাৰ গাঁৱত ধনশিৰি নৈৰ তাণ্ডৱ অব্যাহত আছে । নদীখনে ইতিমধ্যে খহাই নিছে অৰ্ধ শতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ । নৈখনত জাহ গৈছে শ শ বিঘা কৃষিভূমি । নিজৰ ঘৰ দুৱাৰ হেৰুৱাই দুৰ্ভগীয়া লোকসকলে কোনোবাই আশ্ৰয় লৈছে পথৰ কাষত, আন কোনোবাই আশ্ৰয় লৈছে অন্য লোকৰ ঘৰত । উল্লেখযোগ্য যে, এই ধনশিৰি নৈয়ে প্ৰতি বছৰে শ শ বিঘা কৃষি ভূমিৰ লগতে বহু পৰিয়ালৰ ঘৰ দুৱাৰ নৈৰ খনৰ সোঁতত বিলীন হৈছে ৷ কিন্তু ইয়াৰ পিছতো এই সকলৰ খবৰৰ লবলৈ আহৰি নাই জন প্ৰতিনিধি কিম্বা স্থানীয় বিধায়কৰ ৷ শীঘ্ৰে ধনশিৰি নৈৰ গৰাখহনীয়া প্ৰতিৰোধ ব্যৱস্থা নকৰিলে গোটেই গাওঁ খন ধ্বংস কৰাৰ আশংকাত ভুগিছে গাঁওবাসীয়ে ৷ অনতিপলমে চৰকাৰে একো ব্যৱস্থা কৰিলে ধনশিৰি নৈৰ আশে পাশে থকা গাঁও সমূহ নদীৰ বুকুত জাহ যোৱাৰ সম্ভাৱনা আছে ৷

Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.