HSLC exam results 2023: সুদক্ষ চিকিৎসক হোৱাৰ মন দশম স্থান প্ৰাপ্ত ঋতুৰাজ বৰকটকীৰ

By

Published : May 22, 2023, 9:16 PM IST

thumbnail

ডিব্ৰুগড়, 22 মে’: আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত অসমৰ ভিতৰতে দশম স্থান লাভ কৰি মৰাণলৈ গৌৰৱ কঢ়িয়াই আনিছে মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ঋতুৰাজ বৰকটকীয়ে ৷ মৰাণৰ কুশল নগৰৰ নিবাসী অশোক বৰকটকী আৰু বনিতা বৰকটকীৰ পুত্ৰ ঋতুৰাজ বৰকটকীৰ এই সাফল্যত সমগ্ৰ মৰাণতে এক উৎসৱমুখৰ পৰিবেশ বিৰাজ কৰিছে (Rituraj Barkotaky got 10th position in HSLC) ৷  

ঋতুৰাজ বৰকটকীৰ সাফল্যৰ বাতৰি বিয়পি পৰাৰ লগে লগে মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অভাৱনীয় আনন্দমুখৰ পৰিবেশৰ সৃষ্টি হয় (Moran Higher Secondary School) ৷ মুঠ 585 নম্বৰ লাভ কৰি দশম স্থান লাভ কৰা ঋতুৰাজ বৰকটকীয়ে ভৱিষ্যতে এগৰাকী সু-চিকিৎসা হোৱাৰ ইচ্ছা ব্যক্ত কৰিছে ৷ নিজৰ সাফল্যৰ কৃতিত্ব পিতৃ-মাতৃ আৰু শিক্ষাগুৰুক দিব বিচৰা ঋতুৰাজে আজৰি সময়ত গীত গাই ভাল পায় (HSLC exam results 2023) ৷ 

লগতে পঢ়ক: HSLC Results 2023: হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম দহটা স্থান প্ৰাপকসকল 

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.