Ripun Bora on CBI investigation : CBI ক চৰকাৰৰ পুতলা এজেন্সী আখ্যা ৰিপুন বৰাৰ

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 2:22 PM IST

thumbnail

নগাঁও, 7 অক্টোবৰ : চৰ্চাত আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া ৷ নগাঁৱত অব্যাহত আছে SI জোনমণি ৰাভাৰ মৃত্যুৰ চিবিআই তদন্ত ৷ চিবিআই তদন্ত অব্যাহত থকাৰ মাজতে শনিবাৰে নগাঁৱত বিস্ফোৰক মন্তব্য কৰে অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ।

লগতে সংবাদ মাধ্যমৰ আগত চিবিআইক চৰকাৰৰ পুতলা আখ্যা দিলে তৃণমূল কংগ্ৰেছে নেতা ৰিপুন বৰাই । প্ৰয়াত আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুৰ চিবিআই তদন্ত সন্দৰ্ভত শনিবাৰে নগাঁৱত ৰিপুন বৰাই কেতবোৰ মন্তব্য আগবঢ়ায় ৷

তেওঁ কয়, ‘‘তদন্তৰ নামত চিবিআইয়ে ভেকোভাওনা কৰি আছে ৷ অসম পুলিচ, অসমৰ CID বা CBI ৰ তদন্ত সকলো চৰকাৰৰ পুতলা এজেন্সী ৷ এইবোৰে নিৰপেক্ষভাৱে তদন্ত কৰিব নোৱাৰে ৷ সেয়ে আমি পূৰ্বৰে পৰা ন্যায়িক তদন্তহে বিচাৰিছিলো ৷ কাৰণে চোৰে যেনেদৰে চোৰ ধৰিব নোৱাৰে, তেনেকৈ পুলিচেও পুলিচ ধৰিব নোৱাৰে’’ ৷

তেওঁ আৰু কয়, ‘‘দুৰ্ঘটনাগ্ৰস্ত গাড়ীখন ইমান তন্ন তন্নকৈ পৰীক্ষা কৰাৰ 5 মাহৰ অন্ততহে ম’বাইল ফোন আৰু তেজ লগা ৰুমাল উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল ৷ এই কেৱল নাটকহে’’ ৷

লগতে পঢ়ক : SP Leena Doley in Nagaon : নগাঁও আৱৰ্ত ভৱনত উপস্থিত SP লীনা দলে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.