Rifle recovered in Biswanath: কাজিৰঙাৰ গঁড় হত্যাত ব্যৱহৃত ৰাইফল উদ্ধাৰ

By

Published : Dec 28, 2022, 3:41 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

thumbnail

চোৰাং চিকাৰীৰ বিৰুদ্ধে বিশ্বনাথ আৰক্ষীৰ বৃহৎ সফলতা । গঁড় চিকাৰীয়ে ব্যৱহাৰ কৰা এটা ৰাইফল উদ্ধাৰ কৰে আৰক্ষীয়ে (Rifle recovered in Biswanath)। চতিয়াৰ ১ নং আদাভেদীত বস্তাত ভৰাই মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ হয় ৰাইফলটো ৷ ধৃত গঁড় চিকাৰী আব্দুল মতিনৰ তথ্যৰ ভিত্তিত বিশ্বনাথ আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে ৰাইফলটো । উল্লেখ্য যে চলিত বছৰৰ জানুৱাৰী মাহত কাজিৰঙাত সংঘটিত হোৱা শেষৰটো গঁড় হত্যাৰ ঘটনাত ব্যৱহাৰ কৰা হৈছিল এই ম'ডিফাইড ৩০৩ ৰাইফলটো ৷ আনহাতে চোৰাং চিকাৰী আব্দুল মতিন দীৰ্ঘদিন ধৰি পলাতক হৈ আছিল যদিও কিছুদিন পূৰ্বে দৰং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (Rhino poacher arrested)। দেওবাৰে বিশ্বনাথ আৰক্ষীয়ে তদন্তৰ বাবে নিজৰ জিম্মাত লয় মতিনক । জেৰাৰ অন্তত মতিনৰ স্বীকাৰোক্তিৰ ভিত্তিত মঙলবাৰে বিশ্বনাথ আৰক্ষীয়ে অভিযান চলাই ৰাইফলটো উদ্ধাৰ কৰে ।

Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.