Republic Day 2023: ৰঙিয়াত ৭৪ তম গণৰাজ্য দিৱস উদযাপন

By

Published : Jan 26, 2023, 1:48 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

ৰঙিয়া, 26 জানুৱাৰী: আজি সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে ৰঙিয়াতো ৭৪ তম গণৰাজ্য দিৱস ( 74th Republic Day observed) উলহে মালহে উদযাপন কৰা হয় । ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যোগত ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত বৃহস্পতিবাৰে কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় গণৰাজ্য দিৱস ( 74th Republic Day observed at Rangia) ৷ গণৰাজ্য দিৱসৰ উপলক্ষে ৰাষ্ট্রীয় পতাকা উত্তোলন কৰে ৰঙিয়া মহকুমাৰ মহকুমাধিপতি জাভিৰ ৰাহুল সুৰেশে (Sub Divisional Officer Javir Rahul Suresh  ) ।  

মহকুমাধিপতিগৰাকীয়ে পতাকা উত্তোলন কৰি দিয়া ভাষণৰ আৰম্ভণিতে ৰঙিয়াৰ শ্বহীদ সকলৰ লগতে মুক্তি যুঁজাৰুসকলক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । লগতে ভাষণ প্ৰসংগত ৰঙিয়া মহকুমাৰ প্ৰতিটো বিভাগৰ উন্নয়নমূলক কাম-কাজ তথা আঁচনি সমূহৰ এক খাতিয়ান দাঙি ধৰে । মহকুমাধিপতি গৰাকীয়ে ৰঙিয়াৰ কমলপুৰৰ অসম আৰক্ষী, এন চি চি, স্কাউট এণ্ড গাইড আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ অভিবাদন গ্ৰহণ কৰে ।  

ইয়াৰোপৰি এই ভাষণত ৰঙিয়া মহকুমাৰ প্ৰতিটো বিভাগৰ উন্নয়ন মুলক কাম-কাজ তথা আঁচনি সমূহৰ এক খাতিয়ান দাঙি ধৰে মহকুমাধিপতি গৰাকীয়ে । গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি দিনযোৰা কাৰ্যসূচীৰে বিভিন্ন খেল-ধেমালি তথা সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হয় । এই অনুষ্ঠানৰ মাজতে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সাংস্কৃতিক অনুষ্ঠানৰ লগতে ভিন্ন অনুষ্ঠান প্ৰদৰ্শন কৰে । গণৰাজ্য দিৱসৰ এই বিশেষ ক্ষণত কৃষি আৰু বিভিন্ন ক্ষেত্ৰত উৎকৃষ্ট ফলাফল প্ৰদৰ্শন কৰা বহু কেইগৰাকী লোকক সম্বৰ্ধনা জনোৱা হয় ।

সমগ্ৰ দেশৰ লগতে অসমত উলহ-মালহেৰে উদযাপন কৰা হয় গণৰাজ্য দিৱস (Republic Day in Assam)। প্ৰত্যেক বছৰে গণৰাজ্য দিৱসত ৰাজ্য চৰকাৰৰ মূল অনুষ্ঠানত কেন্দ্ৰীয়ভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ৰাজ্যপালে । আনহাতে এইবাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পতাকা উত্তোলন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma)।  

লগতে পঢ়ক: Republic Day 2023: বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত প্ৰথমবাৰৰ বাবে গণৰাজ্য দিৱস পালন

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.