Relief to the people in the transport sector:হ্ৰাস কৰি দিয়া হ’ল বাণিজ্যিক বাহনৰ ফিটনেছৰ বিলম্ব মাছুল

By

Published : Jul 14, 2023, 10:50 PM IST

thumbnail

গুৱাহাটী, ১৪ জুলাই : মহানগৰীত ISBT ত পৰিবহণ বিভাগৰ সজাগতামূলক সভা । বেতকুছিস্থিত ISBT বাছ আস্থানত অনুষ্ঠিত হয় এই সভা । সভাত উপস্থিত থাকে সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাস প্ৰমুখ্যে আন আন পৰিবহণ বিষয়াসকল ।

পৰিবহণ খণ্ডৰ উদ্যোগী মালিক পক্ষৰ বাবে বিশেষ সকাহ ৰাজ্য চৰকাৰৰ । ১৫ জুলাইৰ পৰা ১৫ অক্টোবৰলৈ হ্ৰাস কৰি দিয়া হ’ল বাণিজ্যিক বাহনৰ ফিটনেছৰ বিলম্ব মাছুল । আগন্তুক তিনিমাহৰ বাবে এই সুবিধা লাভ কৰিব জনসাধাৰণে । ফিটনেছৰ বাবদ তিনিচকীয়া পৰিবহণ বাহনৰ পূৰ্বৰ প্ৰত্যেক দিনৰ বিলম্ব মাছুল ৫০ টকাৰ পৰিৱৰ্তে ১০ টকা, বাণিজ্যিক ট্ৰেক্টৰৰ ৫০ টকাৰ পৰিৱৰ্তে ১৫ টকা, চাৰিচকীয়া পৰিবহণ বাহনৰ ৫০ টকাৰ পৰিৱৰ্তে ২০ টকা আৰু বাছ, ট্ৰাক ইত্যাদি গধুৰ বাণিজ্যিক পৰিবহণ বাহনৰ বিলম্ব মাছুল ৫০ টকাৰ পৰিৱৰ্তে হ’লগৈ ২৫ টকা ।

অনাদায় ফিটনেছ মাছুল সমূহ আদায় দি বাহনখন ৰাজপথত চলাচলৰ উপযোগী কৰি ফিটনেছ প্ৰমাণ-পত্ৰসমূহ শীঘ্ৰে গ্ৰহণ কৰিবলৈ আহ্বান পৰিবহণ বিভাগৰ । উল্লেখ্য যে, ১৫ অক্টোবৰৰ পিছত ফিটনেছ ফেইল হৈ থকা বাহনসমূহ জব্দ কৰি স্ক্ৰেপ কৰিব পৰিবহণ বিভাগে ।

লগতে পঢ়ক : DGP Letter to Assam Police : নাৰীক উচিত সন্মান প্ৰদানৰ আহ্বানেৰে অসম আৰক্ষীলৈ পত্ৰ জিপি সিঙৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.