HSLC result 2023:চিকিৎসক হোৱাৰ সপোন চতুৰ্থ স্থানপ্ৰাপ্ত ৰাজীৱ পালৰ

By

Published : May 22, 2023, 4:11 PM IST

thumbnail

 বিহপুৰীয়া, 22 মে': শিক্ষাৰ ক্ষেত্ৰত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে বুলি প্ৰতিপন্ন কৰিলে ৰাজীৱ পালে (Assam HSLC result 2023)। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যৰ ভিতৰতে চতুৰ্থ স্থান লাভ কৰি লালুকৰ লগতে লখিমপুৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে সোণাপুৰ পুখুৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ৰাজীৱ পালে । ৰাজীৱে মুঠ ৬০০ নম্বৰৰ ভিতৰত ৫৯১ নম্বৰ লাভ কৰি চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হয় (4th position in HSLC 2023) ।  

বোকানদী গাঁৱৰ দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া অমূল্য পাল আৰু মাটিৰ পাত্ৰ গঢ়া সুমিত্ৰা পালৰ সন্তান ৰাজীৱে এই সাফল্য অৰ্জন কৰাত উৎফুল্লিত হৈ পৰিছে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়ত্ৰীসকল (HSLC exam result 2023)। বিজ্ঞান শাখাত অধ্যয়ন কৰি এগৰাকী  চিকিৎসক হোৱাৰ সপোন আছে ৰাজীৱৰ ।

লগতে পঢ়ক:Assam HSLC result 2023:নলবাৰীত মৃগাংক, ৰিস্মিতা ও হৃষিকেশকে ধৰি মুঠ আঠগৰাকী শিক্ষাৰ্থীৰ সাফল্য

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.