Moran Revenue Circle Officer office:বৰষুণে নষ্ট কৰিলে চৰকাৰী কাৰ্যালয়ৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ

By

Published : May 27, 2023, 2:26 PM IST

thumbnail

ডিব্ৰুগড়, 27 মে’ : এই কথা সৰ্বজনবিদিত যে অসমৰ বহু চৰকাৰী কাৰ্যালয়ৰ অৱস্থা একেবাৰে উৱলি যোৱা ৷ মেৰামতিৰ অভাৱত জহি খহি পৰিছে বহু কাৰ্যালয় ৷ তেনে এক ঘটনাই এইবাৰ পোহৰলৈ আহিছে ৷ ঘটনাটো মৰাণৰ ৷ বহু পুৰণা হৈ পৰিছে মৰাণ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়টো ৷ কাৰ্যালয়টোৰ মেৰামতিৰ কাম চলি আছে ৷ কিন্তু তাৰ মাজতে বৃহস্পতিৰে নিশা হোৱা ধাৰাসাৰ বৰষুণে বিস্তৰ ক্ষতি সাধন কৰে কাৰ্যালয়টোৰ ৷ বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ বৰষুণৰ পানীত নষ্ট হৈ যায় ৷ নথিপত্ৰ নষ্ট হোৱাৰ কথাটোত কৰ্মচাৰীসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে (Rain damaged Moran Revenue Circle Officer office)৷

বৃহস্পতিৰে নিশা হোৱা নেৰানেপেৰা বৰষুণৰ ফলতে কাৰ্যালয়টোৰ ভিতৰত পানী পৰি নথিপত্ৰ অনিষ্ট হোৱা বুলি উল্লেখ কৰে মৰাণ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ড৹ সংগীতা শৰ্মাই । বিষয়াগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, কাৰ্যালয়টোৰ ইতিমধ্যেই মেৰামতিৰ কাম চলি আছিল । অতিকে শোচনীয় ৰূপত থকা কাৰ্যালয়টোত বৃহস্পতিৰে নিশা হোৱা বৰষুণৰ পানী সোমাই যায় ৷ ফলত নথিপত্ৰ অনিষ্ট হয় যদিও ৰাইজে এই ক্ষেত্ৰত বিশেষ চিন্তা কৰাৰ প্ৰয়োজন নাই বুলি বিষয়া গৰাকীয়ে উল্লেখ কৰে । কিন্তু মণ্ডলসকলৰ কিছু অসুবিধা হ’ব বুলিও তেওঁ মন্তব্য কৰে ৷

লগতে পঢ়ক : Modi govt's 9th anniversary celebrations: বিজেপিৰ মুখ্য কাৰ্যালয়ত জিলা কাৰ্যালয় প্ৰবন্ধন সমিতিৰ সাংগঠনিক সভা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.