Eviction in Borhat: উচ্ছেদৰ জাননীৰ পিচতে চৰাইদেউৰ বৰহাটত হাহাকাৰ

By

Published : Feb 11, 2023, 6:37 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

thumbnail

চৰাইদেউ,১১ ফ্ৰেব্ৰুৱাৰী: ৰাজ্য চৰকাৰৰ উচ্ছেদ অভিযান চলি থকাৰ মাজতে বিভিন্ন প্ৰান্তত ৰে'ল বিভাগৰ ভূমি বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে ৰে'ল বিভাগ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে চৰাইদেউ জিলাতো ৰে'ল বিভাগে চলাব উচ্ছেদ অভিযান(Railway Department will eviction at Borhat) । ৰে'ল বিভাগৰ এক নিৰ্দেশনাৰ পাচতে চৰাইদেউৰ বৰহাটত এতিয়া হাহাকাৰ পৰিস্থিতি(Ruckus over eviction notice) । এই নিৰ্দেশনাৰ পাচতে চৰাইদেউ জিলাৰ বৰহাট ৰে'ল ষ্টেচনৰ কাষতে লাগি থকা ৰে'ল বিভাগৰ ভূমিত কেইবা দশক ধৰি বাস কৰি অহা শতাধিক পৰিয়াললৈ নামি আহিছে অন্ধকাৰ ভৱিষ্যৎ । 

ৰে'লৱেৰ ভূমিত বাস কৰা লোকসকলক উদ্দেশ্যি বিগত ৩০ জানুৱাৰীত ৰে'ল বিভাগৰ পৰা জাৰি কৰা এক মৌখিক নিৰ্দেশনাই অন্ধকাৰ নমাই আনিছে অঞ্চলটোৰ লোকসকললৈ । ৰে'ল বিভাগৰ তৰফৰ পৰা উক্ত অঞ্চলত বসবাস কৰা লোক সকলক মাত্ৰ ১৫ দিনৰ ভিতৰত ঘৰ খালি কৰি ৰে'ল বিভাগৰ মাটি মোকলাই দিবলৈ নিৰ্দেশনা প্ৰদান কৰাৰ পাছতে চিন্তিত হৈ পৰিছে লোকসকল । 

মাত্ৰ ১৫ দিনৰ ভিতৰত ঘৰ খালি কৰাৰ নিৰ্দেশনা লাভ কৰাৰ পাচতে উক্ত অঞ্চলত বাস কৰা শিক্ষাৰ্থীৰ লগতে অসুস্থ লোকসকলো বিপাঙত পৰিছে । সেয়েহে উক্ত অঞ্চলত বাস কৰা লোক সকলে ১৫ দিনৰ সলনি তিনি মাহ সময় বিচাৰি চৰকাৰ আৰু ৰে'ল বিভাগলৈ কাতৰ অনুৰোধ জনাইছে । ইফালে সমাগত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা । এনে পৰিস্থিতিত ৰে'ল বিভাগে উচ্ছেদ চলালে ছাত্ৰ ছাত্ৰীসকল পৰীক্ষাত অৱতীৰ্ণ হোৱাত সমস্যা আহি পৰিব । সেয়েহে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলে ৰে'ল বিভাগক উচ্ছেদ অভিযান স্থগিত ৰাখি ৰাইজক কেইমাহমান সময় দিবলৈ আহ্বান জনাই ৰেল বিভাগক । 

উল্লেখ্য যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাচৰে পৰা ধাৰাবাহিকভাৱে বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলাই আহিছে(Eviction in Assam) । মুখ্যমন্ত্ৰীৰ সপোনৰ বেদখলমুক্ত অসম গঢ়ি তোলাৰ বাবে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে প্ৰতিখন জিলা প্ৰশাসনে(Eviction against encroachment) । জিলা প্ৰশাসনৰ সমান্তৰালভাৱে বহু প্ৰতিবাদকো আওকান কৰি ৰে'লৱে বিভাগেও অব্যাহত ৰাখিছে উচ্ছেদ অভিযান । 

লগতে পঢ়ক: Jalukbari accident : গুৱাহাটীত নিৰ্মীয়মান অট্টালিকাত দুৰ্ঘটনা, শ্ৰমিকৰ মৃত্যু

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.