মাজুলীত পদাৰ্পন ৰাহুল গান্ধীৰ, উভতি ধৰিলে মোদী-হিমন্তক

By ETV Bharat Assamese Team

Published : Jan 19, 2024, 10:38 AM IST

Updated : Jan 19, 2024, 11:13 AM IST

thumbnail

মাজুলী, 19 জানুৱাৰী: উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে অফলামুখ ঘাটত ৷ মাজুলীত উপস্থিত হ’ল কংগ্ৰেছ নেতা ৰাহুল গান্ধী । ৰাহুল গান্ধীয়ে মণিপুৰৰ পৰা আৰম্ভ কৰা ভাৰত জোড়ো ন্যায় যাত্ৰাই শুকুৰবাৰে মাজুলীত প্ৰৱেশ কৰে । মাজুলী জিলা কংগ্ৰেছে ৰাহুল গান্ধীৰ আগমনক লৈ ব্যাপক প্ৰস্তুতি কৰা পৰিলক্ষিত হৈছে । 

ৰাহুল গান্ধী মাজুলীৰ অফলামুখ পাৰঘাটত উপস্থিত হোৱাৰ লগে মাজুলী জিলা কংগ্ৰেছৰ বহু কৰ্মীয়ে তেওঁক আদৰণি জনায় আৰু ৰাহুল গান্ধীৰ যাত্ৰাত অংশগ্ৰহণ কৰে । ৰাহুল গান্ধীৰ ৰেলীয়ে কমলাবাৰী চাৰিআলিলৈ যাব আৰু ৰাইজৰ লগত বাৰ্তালাপ কৰিব বুলি মাজুলী জিলা কংগ্ৰেছে জনায় । ইয়াৰ পিচত কংগ্ৰেছ নেতাগৰাকী আউনিআটি সত্ৰলৈ যাব আৰু তাত আউনিআটি সত্ৰৰ সত্ৰাধিকাৰগৰাকীৰ লগত মত বিনিময় কৰিব ।

ইয়াৰ পিচত তেওঁ গড়মূৰ হৈ জেংৰাইমুখ গৈ ৰাইজৰ সৈতে মত বিনিময় কৰাৰ অন্তত মাজুলীৰ পৰা বিদায় ল’ব ।

লগতে পঢ়ক:  ৰাহুল গান্ধীৰ মাজুলী ভ্ৰমণক লৈ প্ৰস্তুতি তুংগত মাজুলী জিলা কংগ্ৰেছৰ

Last Updated : Jan 19, 2024, 11:13 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.